বৈভৱ- পাপৰি শইকীয়া বৰা

Pc Firstcry Parenting

বৈভৱ

এদিন তোমাৰ পদূলিত গছ হৈ গজিম ।
সুগন্ধিৰে উপচাই দিম হিয়া !
এটা সেউজীয়া সুৰ হৈ বগাই যাম তোমাৰ অনুভৱী হিয়াত !
এদিন তোমাৰ পদূলিত গছ হৈ গজিম ।
তুমিতো জানাই গছ মানেই বিনিময়হীন ভালপোৱা !
গছ মানেই ঝতুৰ ৰঙত বৰ্ণময় হোৱাৰ নিৰৱ প্ৰতিশ্ৰুতি ।
ধুমুহা /বৰষুণ অথবা শিলাবৃষ্টি
একোতেই গছে বিচ্ছিন্ন কৰিব নিবিচাৰে অস্তিত্বৰ শিপা !
সঁচাকৈ কৈছো –এদিন তোমাৰ পদূলিত গছ হৈ গজিম ।
চৰ্ত এটাই তুমিও এখন গছ ভালপোৱা অৰণ্য হব লাগিব ।
হব লাগিব !!

পাপৰি শইকীয়া বৰা
গোলাঘাট