ভাৰতত ১৯,৮৯৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

Pc-Contagion Live

ভাৰতত ১৯,৮৯৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৯,৮৯৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৫৩ জন লোকৰ মৃত্যু হৈছে । নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ১৫ জনলোক।  আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৬,৫৩০ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা আছে ১,৩৬,৪৭৮ টা । সৰ্বাধিক সক্ৰিয় ৰোগী কেৰেলাত  ১২,৭১৫ জন, মহাৰাষ্ট্ৰত ১২,৩২১ জন আৰু পশ্চিম বংগত ১১,৩৯২ জন আছে।