বাবৰ আজমৰ বিৰাট কোহলীৰ অভিলেখ ভংগ

pc The Indian Express

বাবৰ আজমৰ বিৰাট কোহলীৰ অভিলেখ ভংগ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম এছিয়ান বেটাৰ হিচাপে পৰিগণিত হয়। শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত পাকিস্তানৰ প্ৰথম ইনিংছৰ সময়ত ২৭ বছৰীয়া বাবৰ আজমে ১০,০০০ ৰাণৰ সীমা অতিক্ৰম কৰে। বাবৰে ২২৮ খন ইনিংছত এই অভিলেখ সৃষ্টি কৰে। আৰু বিৰাট কোহলীয়ে ২৩২ খন ইনিংছত পূৰ্বৰ অভিলেখ গঢ়িছিল।