নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা AK47 ৰাইফল চুৰি 

নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা AK47 ৰাইফল চুৰি 

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ পৰা AK47 ৰাইফলৰ ৯০ জাঁই গুলী চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে কৰ্মৰত অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনৰ ঘৰৰ পৰা ৫দিন পূৰ্বে এই চুৰিকাণ্ড সংঘটিত হয়। কনিষ্টবল গৰাকীৰ নগাঁও পুলিচ ৰিজাৰ্ভৰ ভিতৰৰ চৰকাৰী আৱাসগৃহত চোৰে প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ গহনাৰ লগতে তেওঁৰ AK47 ৰাইফলৰ ৯০ জাঁই সজীৱ গুলীও লুটি নিয়ে। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষকে অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰিছে।