মৃগীৰোগ আৰু আমাৰ কৰণীয়- ডা০ যুতিকা ওজা

মৃগীৰোগ আৰু আমাৰ কৰণীয়

 

ৰাতিপুৱা চাহৰ টেবুলতে ডাঙৰ মামীৰ ফোন পালো, “কামকৰা কৰা ছোৱালীজনী হঠাৎ মূৰ্চ্ছা গৈছে, মই মেডিকেললৈ আহি আছো”। মামীয়ে বহুত ভয় খাইছিল। ময়ো লৰালৰিকৈ হস্পিতাললৈ গ’লো। শেতা আৰু দূৰ্বল হৈ থকা ছোৱালীজনীক চেলাইন এটা দিয়া আছিল। কৰ্তব্যৰত চিকিৎসকে জনালে যে তাই মৃগীৰোগত আক্ৰান্ত। মামীয়ে ছোৱালীজনীৰ অভিভাৱকক মাতি পঠিয়ালে। অতি সোনকালেই দেউতাক আহিল আৰু জনালে যে আগতেও মাজে মাজে ছোৱালীজনী মূৰ্চ্ছা যায়, হাতভৰি কোচ খাই যায় আৰু দাঁত কামুৰি ধৰে; কিছুসময়ৰ পিছত ভাল হৈ যায়। গাৱলীয়া ঔষধ খুৱাইছে কিন্তু সুফল পোৱা নাই। মামীয়ে ঘৰত লাচনি পাচনি কৰিবলৈ মহিলা এগৰাকী বিচাৰি আছিল, সেইবাবে মামীৰ ঘৰলৈ পঠিয়াই দিছে কামকৰা হিচাপে। কথাকেইষাৰ শুনি মনটো বেয়া লাগিল। বৰ্তমান চিকিৎসাবিজ্ঞানৰ ইমান উন্নতিৰ পিছতো মৃগীৰোগৰ প্ৰতি সৰহভাগ মানুহৰে ধাৰণা সলনি হোৱা নাই। এইৰোগৰত প্ৰতি থকা ভ্ৰান্ত ধাৰণাই সামাজিক বৈষম্য আনি দিছে। ৰোগীৰ প্ৰতি থকা অৱহেলাৰ মনোভাৱে এই ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কৰাত বহুতো বাধাৰ সৃষ্টি কৰি আহিছে।

     মৃগীৰোগ এটা অতি পুৰণি ৰোগ। পুৰণি গ্ৰীক মেছোপটেমিয়ান সভ্যতাত এই ৰোগৰ উল্লেখ আছে। বৰ্তমানো এই ৰোগৰ বিষয়ে মানুহৰ মাজত সঠিক সজাগতাৰ অভাৱ। বিশেষকৈ এই ৰোগৰ ফলত যিহেতু ৰোগীজনৰ হঠাতে হাত ভৰি কোচ খাই অজ্ঞান হৈ যায়, সেয়েহে মানুহৰ মনত এই ৰোগৰ প্ৰতি ভ্ৰান্ত ধাৰণা আছে। মৃগীৰোগ এক গুৰুতৰ অসংক্ৰমাক স্নায়বিক ৰোগ বা বিকাৰ। বিশ্বত প্ৰায় ৫০ নিযুতৰো অধিক লোক এই ৰোগৰ দ্বাৰ আক্ৰান্ত আৰু তাৰে ৮০ শতাংশই অৰ্থনৈতিক ভাৱে অনুন্নত দেশৰ বাসিন্দা। ভাৰতত আনুমানিক ৬-১০ নিযুত মৃগীৰোগী আছে। সামাজিক বৈষম্যতাৰ কাৰণে বহুতে আক্ৰান্ত ৰোগীক চিকিৎসালয়লৈ নিনিয়ে বা কোনোধৰণৰ চিকিৎসা নকৰায়। কেতিয়াবা দূৰণিৰ কোনোবা বেজ বা কবিৰাজৰ পৰা ঔষধ আনে। আজিকালি এই ৰোগৰ উন্নত চিকিৎসা আছে। ফলাফলো ভাল পোৱা যায়।

     মৃগীৰোগৰ কাৰণসমূহ দুই ভাগত ভগাব পাৰি। প্ৰথমবিধ কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ হ’ব পৰা মৃগীৰোগ(যাক ইডিঅ’পেথিক বা প্ৰাইমাৰী এপিলেপসী বুলিও কয়)। দ্বিতীয়বিধ চেকেণ্ডাৰী এপিলেপসী- মগজুৰ টিউমাৰ, মস্তিষ্কৰ আঘাত, মগজুত বীজাণুৰ সংক্ৰমণ, মগজুৰ তেজৰ নলীৰ বিজুতি,ৰক্তক্ষৰণ, মদ বা বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱনৰ দ্বাৰও হ’ব পাৰে।

সাধাৰণতে ৭০-৭৫% মৃগীৰোগ কোনো কোনো ক্ষেত্ৰত বংশগত হোৱাও দেখা যায়। আজিকালি কন কন ল’ৰা-ছোৱালীবোৰৰ অত্যাধিক ম’বাইল ফোন ব্যৱহাৰ কৰা প্ৰৱণতা, ভিডিঅ’ গেম আদিত বহুত সময় ব্যস্ত থকা আদদিবোৰো মৃগীৰোগৰ কাৰক বিচাপে চিহ্নিত হৈছে।

মৃগীৰোগৰ লক্ষণসমূহৰ ভিতৰত আছে-

  • অতি কম সময়ৰ পৰা দীঘলীয়া সময়ৰ বাবে দেহত অস্বাভাৱিক জোকাৰনি হ’ব পাৰে।
  •  ৰোগীৰ প্ৰথমে গা বেয়া লগা যেন অনুভৱ হয়।
  • অস্বাভাৱিক আচৰণ যেনে মাতি থাকিলেও কথা নোকোৱা, থৰ লাগি চাই থকা, মাংসপেশী কঠিন হোৱা, মুখেৰে চিঞৰ ওলোৱা ইত্যাদি।
  • কেতিয়াবা জিভাও কামোৰ খাই ধৰে।
  • কাপোৰে কানিয়ে পেচাব ওলাই যাব পাৰে।
  • খন্তেক সময়ৰ পিছত হাত ভৰিৰ মাংসপেশীবোৰ লাহে লাহে শিথিল হয়।
  • এইদৰে কেইমিনিটমান সংকোচন আৰু শিথিল হোৱাৰ প্ৰক্ৰিয়া চলি থাকে আৰু এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ৰোগী অৱশ হয়, টোপনি ধৰে, কিছুমানৰ ক্ষেত্ৰত মূৰৰ বিষ হয়। কিছুমানে বমিও কৰে। কেতিয়াবা আকৌ এই অস্বাভাৱিক কঁপনি খুব বেছিকৈ হয় আৰু ৰোগী অজ্ঞান হৈ যায়।
  • যদিহে এই প্ৰক্ৰিয়া ৫ মিনিটৰ বেছি হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

     মৃগীৰোগ যিকোনো বয়সৰ মানুহৰ হ’ব পাৰে। শিশুৰ ক্ষেত্ৰতো এই ৰোগ হোৱা দেখা যায়। যিসকল শিশুৰ ক্ষেত্ৰতো এই ৰোগ হোৱা দেখা যায়। যিসকল শিশুৰ (বিশেষকৈ ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ) জ্বৰ হ’লে মূৰ্চ্ছা যোৱাৰ লক্ষণ আছে তেনে শিশুৰ প্ৰায় ১-১০শতাংশই পিছলৈ মৃগীৰোগত আক্ৰান্ত হ’ব পাৰে।

     আজিকালি এই ৰোগৰ কাৰকসমূহ চিনাক্তকৰণৰ বাবে বহুতো পৰীক্ষা আছে। উন্নত প্ৰকাৰৰ নিৰ্ণায়ক সঁজুলিও আছে। ই.ই.জি(EEG)আৰু এম.আৰ.আই(MRI) আদিৰ দ্বাৰা এইৰোগ চিনাক্ত কৰিব পৰা যায়। এইৰোগৰ চিকিৎসাৰ বাবে যথোপযুক্ত ঔষধ আছে। নিয়মিতৰূপে ঔষধ সেৱন কৰি এইৰোগৰ পৰা আঁতৰি থাকিব পাৰি। শতকৰা প্ৰায় ৭০ শতাংশ ৰোগীকেই কেৱল ঔষধৰ দ্বাৰাই সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বৰ্তমান উপলব্ধ মৃগীৰোগৰ ঔষধৰ ব্যৱহাৰে ইয়াৰ গুৰুতৰ অৱস্থা ভালেখিনি কমাই আনিছে। মৃগীৰোগ হৈ অচেতন হ’লে এই ৰোগৰ চিকিৎসা নকৰা পৰ্য্যন্ত পুনৰ কিছু দিনৰ মূৰে মূৰে ৰোগী অজ্ঞান হৈ থাকিব। সেয়ে ৰোগী আৰু পৰিয়ালে জনা উচিত যে অজ্ঞান নোহোৱাকৈ থাকিব পৰাটো অত্যন্ত জৰুৰী। সেইবাবে কোনো কাৰণতে চিকিৎসকৰ পৰামৰ্শ অবিহনে দৰৱ বন্ধ কৰিব নালাগে।

মৃগীৰোগত আক্ৰান্ত হৈ থকা সময়ত ল’বলগীয়া প্ৰাথমিক চিকিৎসাসমূহ-

  • ৰোগী গৰাকীক সোঁ বা বাওফালে কাতি কৰি মুকলি নিৰাপদ ঠাইত শুৱাই দিব লাগে।
  • ৰোগী গৰাকী আঘাতপ্ৰাপ্ত নহ’বৰ বাবে টান বা জোঙা বস্তু মজিয়াৰ পৰা আঁতৰাব লাগে।
  • মূৰৰ তলত গাৰু আদি কোমল বস্তু দিব লাগে যাতে মূৰত আঘাত নাপায়।
  • ৰোগীক আৱৰি ভিৰ কৰিব নালাগে, ৰোগীগৰাকীক মুকলি বতাহৰ প্ৰয়োজন।
  • ৰোগীয়ে পিন্ধা কাপোৰ ঢিলা কৰি দিব লাগে।
  • হাত ভৰি কোঁচ খাই থকা সময়ত বাধা প্ৰদান কৰিব নালাগে আৰু জোৰ কৰি পোনাই দিবলৈ চেষ্টা কৰিব নালাগে।
  • মূৰ্চ্ছা গৈ থকা সময়ত পানী, চামুচ, দৰৱ আদি মুখৰ ভিতৰত দিব নালাগে।
  • জ্বৰৰ সৈতে মূৰ্চ্ছা যোৱা সিশুক গোটেই গাটো ঠাণ্ডা পানীৰে মচি দিব লাগে। চুলিখিনও ঠাণ্ডাপানীৰে মচি দিব লাগে।
  • পাঁচ মিনিট মানৰ ভিতৰত ৰোগীয়ে সম্বিৎ ঘূৰাই নাপালে তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাব লাগে। ৰোগীৰ আত্মীয় বা অভিভাৱকে ভয় খাই হুৱাদুৱা কৰি অযথা সময় নষ্ট কৰিব নালাগে।

এই ৰোগৰ বিষয়ে বহুত ভ্ৰান্ত ধাৰণা আছে। যিবোৰে ৰোগীক সময়মতে চিকিৎসা গ্ৰহণ কৰা আৰু সাধাৰণভাৱে জীৱন যাপন কৰাত বহুত বাধাৰ সৃষ্টি কৰি আহিছে। প্ৰচলিত ধাৰণা মতে, এইৰোগত আক্ৰান্ত সকলৰ বু্দ্ধিমত্তা ক’ম, এই ৰোগত আক্ৰান্ত শিশুক বিদ্যালয়লৈ যাব দিব নালাগে। ই একেবাৰে ভূল ধাৰণা। এইৰোগৰ দ্বাৰা আক্ৰান্তসকলৰ অন্য ব্যক্তিৰ দৰেই বুদ্ধিমত্তা থাকে আৰু প্ৰায় সকলোধৰণৰ কাম কৰিব পাৰে।

শৈক্ষিকভাৱে পিছপৰা অঞ্চলসমূহত এতিয়াও মৃগী ৰোগ কৈ হাত ভৰি কোচ খাই থকা সময়ত বহুতে গোঁসানী বা অপদেৱতা লম্ভা বুলি ভাবে আৰু পূজা-পাতল কৰে। বহুতে বেজৰদ্বাৰা জৰাফুকা কৰে আৰু কবিৰাজৰ ঔষধ খুৱায়। বহুতে তান্ত্ৰিক, সাধকৰ কাষ চাপে বহুতে জ্ঞান আহিবৰ বাবে ৰোগীক মোজা আদিৰ গোন্ধ ল’ব দিয়ে। বহুতেই আকৌ বেমাৰটো উক দিয়াৰ সময়ত ৰোগীক স্পৰ্শ কৰিলে ৰোগবিধ নিজৰ গালৈকে বিয়পিব বুলি ভাবে। বহুতে মৃগীৰোগক গুৰুতৰ মানসিক ৰোগ বুলি ভাবে আৰু ৰোগীক মানসিক চিকিৎসালয়লৈ পঠিয়াই দিয়ে। বহুতৰ মাজত এতিয়াও ভূল ধাৰণা আছে যে এই ৰোগত আক্ৰান্ত নাৰীৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে। প্ৰকৃততে এইৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰিলে চিকিৎসকৰ পৰামৰ্শ অনুসাৰে ঔষধ খাই থাকিলেই হ’ল। বহুতে আকৌ সমাজৰ পৰা এঘৰীয়া হোৱাৰ ভয়তে এইৰোগৰ কথা গোপনে কৰি ৰাখে আৰু চিকিৎসা গ্ৰহণৰ পৰা বঞ্চিত হয়। আমি সকলোৱে এই ভ্ৰান্ত ধাৰণাসমূহৰ বিষয়ে ৰাইজক সজাগ আৰু সচেতন কৰাতো প্ৰয়োজন।

অৱশ্যে মৃগীৰোগত আক্ৰান্ত ব্যক্তিসকলে কিছু সাবধানতা আৰু নীতি-নিয়ম মানি চলিব লাগে-

  • সাঁতোৰা, গাড়ী চলোৱা, মেচিন আদিৰ কাম, ওখ ঠাইত যোৱা আদি ক্ষেত্ৰত সাবধান হোৱা উচিত।
  • হুলস্থূলীয়া পৰিবেশ হানিকাৰক, থকা পৰিবেশ শান্ত হ’ব লাগে।
  • টোপনি ক্ষতি কৰাটো উচিত নহয়।
  • শাৰীৰিক আৰু মানসিকভাবে অতিমাত্ৰা পৰিশ্ৰম কৰা উচিত নহয়।

     শেষত, সকলোতকৈ প্ৰয়োজনীয় যে মৃগীৰোগত আক্ৰান্ত ব্যক্তিসকলে চিকিৎসকৰ পৰামৰ্শমতে দৰৱ খাই থাকিব লাগে। সময়ে সময়ে চিকিৎসকৰ দ্বাৰা পুনৰীক্ষণ কৰাটোও এই নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত অত্যন্ত জৰুৰী।

ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা, কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়