ব’হাগতে পাতি যাওঁ বিয়া – নাছিৰ আহমেদ

ব’হাগতে পাতি যাওঁ বিয়া
নাছিৰ আহমেদ ,গোৱালপাৰা
অ ‘ সোণপাহি —–
আহ ঐ আহ !
কঁকাল ভাঙি নাচি নাচি আহ ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি।
বাপতি সাহোন বিহুটি পালেহি
ব’হাগতে পাতি যাওঁ বিয়া।
অ’ সোণপাহি !
ফাগুনৰ বলিয়া বা লাগি
এটি দুটিকৈ বাঢ়ি বাঢ়ি তই ষোল্লকলা হৈ
পূৰ্ণযৌৱনা গাভৰু হলি ;
এতিয়া তোৰ সৰ্বশৰীৰত ৰসৰ নিজৰা বৈ যায়।
তোৰ প্ৰেমত মই হ’লো আধা পগলা !
আহ! ঐ আহ!
ক’তে আছা মৰি ?
তোৰ কামনাৰ পৰশ লাগি
ফাগুন গৈ চ’ত পালেহি
ফুলিলে ভেবেলি লতা
ফুল আলসুৱা তোৰ কোমল ফুলৰ সৌন্দৰ্য্যত
গছ-লতা-তৰু-তৃণ ৰঙচুৱা আভাৰে ভৰি পৰিল।
গছৰ আঁৰে আঁৰে কুলি-কেতেকীয়ে ইনালে বিনালে
চাৰিওদিশে বাজি উঠিল  মিলনৰ মধুৰ ঝংকাৰ !
অ’ সোণপাহি !.
আহ! ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি
অতিকৈ চেনেহৰ বিহুটি পালেহি
ব’হাগতে পাতি যাওঁ বিয়া।
সোণপাহি ! তোৰ যৌৱনৰ উতলা বা লাগি
এটুকুৰা ৰঙা মেঘ যায় ভাঁহি ভাঁহি —
ময়ো আছোঁ ৰৈ তোলৈ বাট চাই চাই  ;
তই আহ! ঐ আহ !
মোৰ বুকুৰ মাজত সোমাই আহ!
এজাক পাতল বৰষুণেৰে মোৰ গা মূৰ তিয়াই দে।
ব’হাগতে পাতি যাওঁ বিয়া !