বহাগী উৎসৱ – এছ ইছলাম

বহাগী উৎসৱ
এছ ইছলাম, শিক্ষক
               পঃমইনবৰী,বৰপেটা
কুলিৰ কুউ কুউ মাতে
বসন্তৰ উৎসৱ আহে
গছে গছে ন ন কুঁহিপাত মেলে,
আমে মলিয়ালে
কঠালে পেলালে মুচি
সগৰ্ভা হ’ল প্ৰকৃতি আই।
ফাগুনীবায়ে আবিৰ ছটিয়াই
মলিয়ন কৰিছিল
এজাক বৰষুণে দুই পখালি
ফট্ ফটিয়া কৰিলে
বসুন্ধৰা আই হৈ পৰিল শুচি।
ডেকা-গাভৰুৰ উৰু উৰু মন
মূগাৰ ৰিহা-মেখলা চাদৰ
গাভৰুৱে কৰে পৰিধান
পেঁপা-ঢোলৰ মাতে নাচি উঠে মন
সেয়ে পাতোঁ ৰাগিৰ ৰঙালী বিহুখন।
বিহু মানে বসন্ত
বসন্ত মানে উতলা যৌৱন
যৌৱনে বিহুৰ আখৰা পাতে
বিহুৱে ৰিঙিয়াই মাতে
বিহু অসমীয়াৰ বাপতি সাহোন।