নিৰ্বাচিত হ’লে সংসদৰ প্ৰথম অধিৱেশনতে উত্থাপন কৰিম জনজাতিকৰণৰ প্ৰসংগ: লুৰীণ

Pc Latestly

নিৰ্বাচিত হ’লে সংসদৰ প্ৰথম অধিৱেশনতে উত্থাপন কৰিম জনজাতিকৰণৰ প্ৰসংগ: লুৰীণ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংসদ নিৰ্বাচিত হ’লে অসমৰ ছয় জনগোষ্ঠীৰ জাতিকৰণৰ প্ৰসংগটোকে সৰ্বপ্ৰথম সংসদত উত্থাপন কৰিব লুৰীণজ্যোতি গগৈয়ে৷ আজি তিনিচুকীয়াত ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদিকৰ দৃঢ়তাৰে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁৰ দলৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয়৷ এই বিষয়টোৰ ওপৰত তেওঁৰ দল অসম জাতীয় পৰিষদে জন্মলগ্নৰে পৰাই দাবী উত্থাপন কৰি আহিছে৷ আনকি বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলসমূহৰো এই বিষয়টোৰ ওপৰত সহমত আছে৷ গতিকে তেওঁ সাংসদ নিৰ্বাচিত হ’লে লোকসভাৰ মজিয়াত সৰ্বপ্ৰথমেই এই দাবীটো উত্থাপন কৰিব৷উল্লেখ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে প্ৰত্যাহ্বান জনাইছিল৷ উক্ত প্ৰত্যাহ্বানৰ উত্তৰ দি আজি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গগৈয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ আনহাতে দিল্লীত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ গঠিত হ’লে এই বিষয়টো যাতে ইতিবাচক দৃষ্টিভংগীৰে সমাধান কৰা হয়, তাৰ দাবী সম্বলিত এখন চিঠি অসম জাতীয় পৰিষদে ইণ্ডিয়া মৰ্চাৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ হাতত যোৱা ১১ মাৰ্চ তাৰিখে অৰ্পন কৰে৷ ছয় জনগোষ্ঠৰ জনজাতিকৰণ সন্দৰ্ভত দলে ইতিপূৰ্বে একাধিক স্মাৰকপত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ ৰাজ্যপালক প্ৰদান কৰিছে৷গগৈয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদ দল আৰু তেওঁৰ স্থিতি স্পষ্ট৷ দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰে আৰু এই দাবী তৎকালে কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰাটো দলৰ অন্যতম প্ৰধান দাবী৷ বিজেপি দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আশ্বাস দি ক্ষমতালৈ আহিছিল যদিও উক্ত প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰিলে বুলি উল্লেখ কৰি গগৈয়ে যৈ ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল পাঁচ বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল৷ তেওঁৰ চৰকাৰে এই দিশত একো পদক্ষেপ গ্ৰহণ নকৰিলে৷ আনহাতে সাংসদ  হিচাপে সংসদত বা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাপে সোণোৱালে কেন্দ্ৰীয় কেবিনেটত এই কথাটো কোনো দিন উত্থাপন নকৰিলে৷ গতিকে সোণোৱালৰ পৰা এইটো আশা কৰিও লাভ নাই৷ এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিবাসী ৰাইজে সোণোৱালৰ পৰা প্ৰতিশ্ৰুতি দি পূৰণ নকৰা ঐতিহাসিক প্ৰতাৰণাৰ উত্তৰ বিচাৰিব লাগে বুলি গগৈয়ে মত প্ৰকাশ কৰে৷