পামহী-কাৰ্বিপাৰাৰ বাসিন্দাৰ ডাম্পিং গ্রাউণ্ড সংযোগী পথত ৩ ঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী পালন

pc the Sentinel Assam

পামহী-কাৰ্বিপাৰাৰ বাসিন্দাৰ ডাম্পিং গ্রাউণ্ড সংযোগী পথত ৩ ঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা বছৰৰ আগষ্টত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত (জিএমচি)ৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি মহানগৰীৰ জাৱৰ জোথৰ আৰু গেলা-পঁচা, দুষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজৰ মাজত ৮ মাহ ধৰি প্ৰতিক্ৰিয়াৰ অব্যাহত আছে। জিএমচিয়ে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্রতিশ্রুতি ৰূপায়ণ নোহোৱাত দাঁতিকাষৰীয়া অঞ্চলসমূহত দুৰ্গন্ধই চানি ধৰিছে। ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজৰ আহ্বানমৰ্মে আজি অঞ্চলটোৰ পুৰুষ-মহিলা নির্বিশেষে ২০০ৰো অধিক লোক হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ওলাই আহি পশ্চিম বৰাগাঁৱৰ বেলতলত ডাম্পিং গ্রাউণ্ড সংযোগী পথত ৩ ঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। আনহাতে তিনি ঘণ্টাৰ বাবে পথছোৱাত প্রতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ বাবে ডাম্পিং গ্রাউণ্ডত আবর্জনা পেলাবলৈ অহা ২০ খনৰো অধিক বাহন আবদ্ধ হৈ পৰে।