যোৰহাট জিলাত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন

Pc. Northeast Now

যোৰহাট জিলাত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্র দেশৰ লগতে আজি যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত যোৰহাট জিলাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হয়। যোৰহাট জিলা ন্যায়িক আদালত আৰু তিতাবৰ মহকুমা ন্যায়িক আদালতব লগতে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কাৰ্যবাহী দণ্ডাধীশ আৰু বাজহ বিভাগত এই লোক আদালত সম্পন্ন হয়। এই আদালতত বিভিন্ন বাদযোগ্য ফৌজদাৰী তথা দেৱানী গোচৰ, চেক বাউন্স গোচৰ, বিভিন্ন বোক, বিদ্যুৎ বিভাগ, টেলিফ’ন নিগম আদিব প্রায় ৭২৮টা গোচৰ নিষ্পত্তি করা হয়। এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন বেংক, বিদ্যুৎ বিভাগ, টেলিফ’ন নিগম তথ্য পানী যোগান বিভাগৰ প্ৰায় ৫০ লক্ষাধিক টকাৰ অনাদায় ঋণ বিল আদি নিষ্পত্তি কৰা হয় আৰু প্ৰায় ৯৫ লক্ষাধিক টকাৰ আদালতৰ গোচৰ নিষ্পত্তি কৰা হয়। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া বংকিম শৰ্মাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় লোক আদালতত সৰ্বমুঠ এক কোটি ছয়চল্লিছ লাখ দহ হাজাৰ ওঠৰ টকাৰ গোচৰ মীমাংসা কৰা হয়।