যোৰাবাট আৰক্ষীয়ে বর্ণিহাটত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

pc Times of India

যোৰাবাট আৰক্ষীয়ে বর্ণিহাটত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এখন স্কুটীলৈ বর্ণিহাটত ড্ৰাগ্‌ছ বিক্ৰীৰ বাবে আহি থকাৰ সময়তে যোৰাবাট আৰক্ষীয়ে বর্ণিহাটত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নিতাই দাস (৫২)।। ধৃত সৰবৰাহকাৰীটোৰ পৰা ১৭টা ড্ৰাগ্‌ছ ভৰ্তি কণ্টেইনাৰ, ৮টা খালী কণ্টেইনাৰ আৰু নগদ ৫,৫৪০ টকা জব্দ কৰে। যোৰাবাটত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগ্‌ছখিনি হেৰ’ইন বুলি সন্দেহ প্রকাশ কৰে। নিতাইৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ৫৫.৫ গ্রাম। যোৰাবাট আৰক্ষীয়ে এনডিপিএছ দিন এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।