পাকিস্তানত প্ৰথমগৰাকী হিন্দু মহিলাই অসামৰিক সেৱা বিষয়া হিচাপে যোগদান
অনলাইন বাৰ্ত্তাসেৱা- ড° ছানা ৰামচন্দ গুলৱানি নামৰ হিন্দু সম্প্ৰদায়ৰ মহিলা এগৰাকীয়ে পাকিস্তানত প্ৰথমগৰাকী হিন্দু মহিলাই অসামৰিক সেৱা বিষয়া হিচাপে যোগদান কৰাৰ সুযোগ লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দেশখনৰ শীৰ্ষ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে গুলৱানি। ছানাই চেণ্টেল ছুপিৰিয়ৰ ছাৰ্ভিচেছ (চিএছএছ) ত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷ ছানাই পাকিস্তান প্রশাসনিক সেৱা সিন্ধৰ গ্রামীণ আসনত স্থান নিশ্চিত কৰিছে ।