দেশৰ ১৩খন উচ্চ ন্যায়ালয়ত শীঘ্ৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

pc- jharkhandhighcourt.nic.in

দেশৰ ১৩খন উচ্চ ন্যায়ালয়ত শীঘ্ৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

অনলাইন বাৰ্ত্তাসেৱা- দেশৰ ১৩খন উচ্চ ন্যায়ালয়ত শীঘ্ৰে নতুন মুখ্য ন্যায়াধীশে নিযুক্তি লাভ কৰিব । দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আঠগৰাকী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ নামত অনুমোদন জনাইছে।  ইয়াৰ ভিতৰত আছে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ জিন্দালৰ নামো। লক্ষণীয়ভাৱে পাঁচগৰাকী মুখ্য ন্যায়াধীশক অন্য উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ ক্ষেত্ৰতো কলেজিয়ামে অনুমোদন জনাইছে। কলেজিয়ামৰ এই সিদ্ধান্তৰ কথা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰে।