মানুহৰ মগজু আৰু কিছু আচৰিত তথ্য – প্ৰেৰণা বৰুৱা

pc SharpBrains

মানুহৰ মগজু আৰু কিছু আচৰিত তথ্য

■ প্ৰেৰণা বৰুৱা

সমগ্ৰ মানৱ জাতিয়ে আজি দপদপাই আগবাঢ়ি যোৱাৰ মূলতে মানুহৰ মগজুৰ শক্তি। আমি সকলোৱে জানো যে মানৱ মস্তিষ্ক মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগ। এই মগজুৰ জৰিয়তেই মানুহে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মানুহৰ মগজু সম্পর্কে অনেক আচৰিত তথ্য পোৱা যায়। সেইসমূহ এনেধৰণৰ—
১। মানুহৰ মগজুটো বাৰু কি কি উপাদানেৰে গঠিত। হয়, মানুহৰ মগজুটোৰ সৰহসংখ্যকেই পানী। এজন প্রাপ্তবয়স্ক মানুহৰ মগজু প্রায় ৭৫ শতাংশ পানীৰে তৈয়াৰী। সেইকাৰণে পানী শৰীৰৰ লগতে মগজুৰ বাবে অত্যন্ত প্রয়োজনীয়। তদুপৰি আমাৰ মগজুত প্রায় ১০০ বিলিয়ন নিউৰন থাকে। প্রায় ৬০ শতাংশ চর্বি থাকে।
২। আপুনি বাৰু জানেনে আপোনাৰ মোৰ মগজুৰ ওজন কিমান হ’ব পাৰে ? এজন প্রাপ্তবয়স্ক মানুহৰ মগজুৰ ওজন ৩ পাউণ্ড হয়। পুৰুষৰ তুলনাত মহিলাৰ মগজুৰ আকাৰ সৰু হয়।
৩। আমাৰ মগজু কেতিয়ালৈকে বৃদ্ধি হৈ থাকে, সেয়া এক জানিবলগীয়া কথা। আমাৰ মগজুৰ আকাৰ ১৮ বছৰ হোৱালৈকে বৃদ্ধি পাই থাকে। যেতিয়ালৈকে মানুহৰ বয়স ১৮ বছৰ নহয়, তেতিয়ালৈকে মগজুৰ আকাৰ ডাঙৰ হৈ থাকে।
৪। আমাৰ শৰীৰত যিদৰে যি পৰিমাণৰ তেজ আৰু অক্সিজেন উৎপাদন হয়, তাৰ পৰা প্ৰায় ২০ শতাংশ মগজুলৈ যায়। মগজুত অক্সিজেন নাপালে ৫ৰ পৰা ৬ মিনিটৰ পিছত মানুহ মৃত্যুমুখত পৰে। মগজুত তেজ চলাচল বন্ধ হ’লে ৮ পৰা ১০ ছেকেণ্ডৰ পিছত মগজুৰ চেতনা নাইকিয়া হৈ যায়। যদি আমাৰ মগজুত তেজ চলাচল বন্ধ হৈ যায় তেতিয়া আমি অজ্ঞান হৈ পৰিব পাৰোঁ।
৫। আপুনি বাৰু জানেনে মানুহে মগজুৰ প্ৰায় ১০ শতাংশহে ব্যৱহাৰ কৰে। আৰু পৃথিৱীত যিমান ডাঙৰ ডাঙৰ টেকেন’লজী কম্পিউটাৰৰ উৎপাদন হৈছে, সেইবোৰ উৎপাদন কেৱল মানুহে মানুহৰ মগজুৰ ১ শতাংশ ব্যৱহাৰ কৰিহে উৎপাদন কৰিছে। ভাবকচোন কেনেবাকৈ যদি মানুহে মগজুৰ এশ শতাংশ ব্যৱহাৰ কৰে, তেন্তে পৃথিৱী কেনে হ’ব।