বিশ্ব হিন্দু পৰিষদৰ প্রশিক্ষণ বর্গ সমাপন

pc- The sentinel assam

বিশ্ব হিন্দু পৰিষদৰ প্রশিক্ষণ বর্গ সমাপন

অনলাইন বাৰ্ত্তাসেৱা-  বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ  প্ৰাথমিক প্রশিক্ষণ বর্গ গুৱাহাটীৰ বিশ্ব হিন্দু পৰিষদৰ উলুবাৰী পাঞ্চজন্য ভৱনত অনুষ্ঠিত হয়। প্রশিক্ষণ বৰ্গত গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত প্ৰত্যেকটো প্ৰখণ্ডৰ পৰা প্ৰশিক্ষাৰ্থীয়ে প্রশিক্ষণ গ্রহণ কৰে। প্রশিক্ষণ বৰ্গত প্ৰশিক্ষার্থীসকলক প্রশিক্ষণ দিয়ে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সম্পাদক পল্লৱ পৰাশৰ, সহঃ সম্পাদকদ্বয় ব্রজজ্যোতি শৰ্মা, বিধান চন্দ্ৰ দেৱৰয়ৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক চন্দন ৰাভাই। প্রশিক্ষণ বৰ্গৰ সমাপন সভাত প্রশিক্ষার্থীসকলক উদ্দেশ্যি বক্তব্য প্রদান কৰে ক্ষেত্ৰীয় সংগঠন মন্ত্রী ড° দীনেশ তিৱাৰীয়ে৷ সমাপন সভাত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ নতুনকৈ নিয়োজিত সহঃ সংগঠন মন্ত্ৰী হৰসিং ট্ৰেণক সম্বৰ্ধনা জনোৱাৰ লগতে বিপুলভাৱে আদৰণি জনায়। সভাত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সভাপতি ডাঃ মুনীন্দ্র মোহন ডেকা, অৱসৰপ্ৰাপ্ত প্রশাসনিক বিষয়া তথা কাৰ্যকৰী সভাপতি পৰমেশ দত্ত, উপ-সভানেত্রী তাৰাৱতী দেৱী, কাৰ্যালয় প্রমুখ চিকাৰী ৰংপি, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা, উত্তৰ-পূব প্ৰান্তৰ সহঃ সম্পর্ক প্রমুখ অৰূপ লহকৰৰ লগতে সহঃ সেৱা প্ৰমুখ মুনীন্দ্র ডেকা (মুন) উপস্থিত থাকে।