মিত্ৰব্যয়িতা – শ্ৰী ৰূপৰেখা ঠাকুৰ, দেৰগাঁও

pc Jonathan Bital

মিত্ৰব্যয়িতা

শ্ৰী ৰূপৰেখা ঠাকুৰ,
দেৰগাঁও

ঘৰ এখন নিয়াৰিকৈ চলাবলৈ মূখ্য ভূমিকা পালন কৰিব লাগে আমি মহিলা সকলে। অসমীয়াত এষাৰ কথা আছে আয় চাই ব্যয় কৰিব লাগে। ৰেণু বালা এগৰাকী মিত্যৱ্যয়ী মহিলা। দুজনী ছোৱালী ৰ সৈতে তাইৰ এখন সৎসাৰ আছে। মানুহজনে দিনহাজিৰা কৰি ঘৰখন যেনেতেনে চলাই আহিছিল। ছোৱালী দুজনী ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ ঘৰখন ত অভাৱে দেখা দিলে। ৰেণুবালাই এদিন তাইৰ সাচতিয়া টকাৰেই গৰু এজনী কিনি আনিলে। ঘৰে ঘৰে তাই গাখীৰ বিক্ৰী কৰিবলৈ ল’লে। তাই ঘৰতে শাক পাচলি খেতি কৰি যি হয় তাকো বিক্ৰী ৰ বাবে শনিবৰিয়া বজাৰলৈ লৈ যায়।তাইৰ এটাই চিন্তা ছোৱালী দুজনীক শিক্ষিত কৰি তোলা। ছোৱালী দুজনী ক পঢ়াই শুনাই কামে কাজে সকলো ফালে উপযুক্ত কৰি গঢ় দিছিল। মানুহ জনেও কাম কৰিব নোৱাৰা হৈ অহাত ঘৰৰ ওচৰৰ তিনিআলিত এখন চাহৰ দোকান খুলিলে। ছোৱালী দুজনী য়েও পঢ়া-শুনাৰ মাজতে মাক দেউতাকক কামত সহায় কৰি দিছিল। ৰেণুৱালাই ছোৱালী দুজনী ক অতি কষ্টৰে চাহৰ দোকান খনৰ পৰা উপাৰ্জন হোৱা টকাৰে উপযুক্ত কৰি তুলিলে। আজি সমাজত ৰেণুৱালাৰ দুয়োগৰাকী ছোৱালী য়ে চৰকাৰী চাকৰি কৰি আছে। সমাজৰ যদি সকলো মহিলা ৰেণুৱালাৰ দৰে হয় সমাজখন ভাল হ’ব ই। আহক আমি সকলোৱে ৰেণুৱালাৰ আদৰ্শৰে আগবাঢ়ি যাও সুষ্ঠ সমাজ গঢ়িবলৈ।