লোকনিৰ্মাণ বিভাগৰ ৰঙিয়াস্থিত কাৰ্যালয়ত প্ৰাচীৰ দেৱাল পত্রিকা উন্মোচন

pc- The Sentinel Assam

লোকনিৰ্মাণ বিভাগৰ ৰঙিয়াস্থিত কাৰ্যালয়ত প্ৰাচীৰ দেৱাল পত্রিকা উন্মোচন

অনলাইন বাৰ্ত্তাসেৱা-  অভিযন্তা দীপক বৈশ্যই লোকনিৰ্মাণ বিভাগৰ ৰঙিয়াস্থিত উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডল কাৰ্যালয়ত বিশ্বকর্মা পূজা উপলক্ষে আৰ্হি নামৰ উক্ত প্ৰাচীৰ এখন দেৱাল পত্রিকা উন্মোচন কৰে। উক্ত কাৰ্যালয়টোত একেৰাহে ১২ বছৰে বিশ্বকৰ্মা পূজাৰ দিনটোত এই দেৱাল পত্রিকা উন্মোচন কৰি আহিছে। সম্পাদিকা ৰীণা দেৱীৰ প্ৰচেষ্টাত উন্মোচন হোৱা পত্রিকাখনত লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লেখাবোৰক সকলোৱে প্ৰশংসা কৰে৷ লোকনিৰ্মাণ বিভাগৰ ভিতৰত একমাত্ৰ ৰঙিয়া সংমণ্ডলত এনেদৰে কৰ্মচাৰীসকলে প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সহায়ক হৈছে বুলি উন্মোচকে উল্লেখ কৰে৷