ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক  ৪ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ 

Pc indica News

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক  ৪ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-বৃহস্পতিবাৰে আহমেদাবাদত অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচত গুজৰাট টাইটানছে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক  ৪ উইকেটত পৰাস্ত কৰে। ল’ স্ক’ৰিং মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শুভমন গিলৰ ১৮ বলত ৪৩ আৰু জ’ছ বাটলাৰৰ ১৯ বলত ৩৯ ৰানৰ সহায়ত গুজৰাটে ১৫.৫ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ৰাহুল টেৱাটিয়াই ১৭ বলত ২৭ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ১২, জেছন হল্ডাৰে ১২, সাই সুদর্শনে ৬ আৰু শ্বাহৰুখ খানে ৮ ৰান কৰি বিদায় লয়। আৰচিবিৰ হৈ ভুবনেশ্বৰ কুমাৰে সৰ্বাধিক তিনিটা উইকেট লয়। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি দেৱদূত পাড়িকালৰ ৪০, বিৰাট কোহলিৰ ২৮ আৰু অধিনায়ক পাটিডাৰৰ ১৯ ৰানৰ সহায়ত আৰচিবিয়ে ১৯.২ অভাৰত ১৫৫ ৰান কৰে। গুজৰাটৰ আৰ্ছাদ খানে সর্বাধিক তিনিটা উইকেট লয়। আৰচিবিয়ে ৯খন খেলৰ পৰা ১২ পইন্ট অৰ্জন কৰি দ্বিতীয়ত আৰু গুজৰাটে ৯খন মেচৰ পৰা ১০ পইন্ট অৰ্জন কৰি পঞ্চম স্থানত আছে।