দিল্লী মহিলা আয়োগৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে ৰাষ্ট্রদ্ৰোহৰ গোচৰ ৰুজু 

pc- Hindustan Times

দিল্লী মহিলা আয়োগৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে ৰাষ্ট্রদ্ৰোহৰ গোচৰ ৰুজু 

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্রী কংগনা ৰানাৱটৰ স্বাধীনতা সংগ্ৰামক লৈ বিতর্কিত মন্তব্য কৰা বাবে দিল্লী মহিলা আয়োগে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্রদ্ৰোহৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্য ভুল প্রমাণিত হ’লে পদ্মশ্রী ওভতাই দিম বুলি কয়।দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে পত্রযোগে কংগনাক অৰ্পণ কৰা পদ্মশ্রী বঁটা প্ৰত্যাহাৰ কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।