টেটৰ নামত পৰীক্ষাৰ্থীয়ে এক টকাও নিদিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Pc- The Economic Times

টেটৰ নামত পৰীক্ষাৰ্থীয়ে এক টকাও নিদিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রাথমিক আৰু উচ্চ প্রাথমিক টেট প্ৰাৰ্থীক ছ’চিয়েল মিডিয়াত ধনযোগে টেট উত্তীৰ্ণ কৰাই দিয়াৰ বাবে প্ৰৱঞ্চকে মেছেজ কৰাক লৈ  তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে। এই বিষয়টোৱে বিতৰ্কৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য কৰে যে- টেটৰ নামত পৰীক্ষাৰ্থীয়ে এক টকাও নিদিব।এটা দুষ্টচক্র অনবৰতে সক্ৰিয় হৈ আছে। এই মেছেজসমূহ অসমৰ বাহিৰৰ পৰা অহা। ছেবাক ইতিমধ্যে নির্দেশ দিয়া হৈছে যে টেটৰ ফলাফল শীঘ্ৰেই ঘোষণা কৰক।সদ্য অনুষ্ঠিত টেটৰ পাছতেই প্ৰৱঞ্চকে টেটত অৱতীৰ্ণ প্ৰাৰ্থীৰ পৰা ধন লুণ্ঠনৰ ফন্দি পাতি এচাম লোকৰ মাজত বিয়পাই দিছে এক বিশেষ হোৱাটছএপ মেছেজ। টেট সম্পৰ্কীয় এটা লিংক হঠাতে বহুজনৰ ম’বাইলত শ্বেয়াৰ হয় আৰু এই লিংকৰ জৰিয়তে টেট উত্তীৰ্ণ হ’বলৈ ধন আদায় দিয়াৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এক আভ্যন্তৰীণ ব্যৱস্থা সংযোগ হৈ থকা বুলি উল্লেখ কৰি প্ৰৱঞ্চকে ইয়াৰ দ্বাৰা টেটত অৱতীৰ্ণ প্ৰাৰ্থীক নিৰ্দিষ্ট ধনৰ বিনিময়ত উত্তীৰ্ণ কৰাই দিব পাৰে। ৮৮৭৬৬-৮৪৪৩১ নম্বৰৰ পৰা বিয়পাই দিয়া লিংকৰ জৰিয়তে প্ৰাৰ্থীৰ সৈতে দাম-দৰ আৰম্ভ কৰিছে প্ৰৱঞ্চকে। কোনো প্রার্থীয়ে যদি ১-৫ পইণ্ট বঢ়াব বিচাৰে, তেন্তে এহেজাৰ টকা, তেনেদৰে ২৬-৩০ পইণ্ট বঢ়াব বিচাৰিলে ২,০০০ টকা আদায় দিব লাগে। প্ৰৱঞ্চকে আৰম্ভ কৰা এই প্ৰৱঞ্চনাত কেইবাজনো টেট প্রার্থী ইতিমধ্যে ধন আদায় দিয়া বুলিও জানিব পৰা গৈছে।