৪ খন স্কীল কেটামাৰান জাহাজ সেৱাৰ ফ্লেগ অফ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

pc- Facebook

৪ খন স্কীল কেটামাৰান জাহাজ সেৱাৰ ফ্লেগ অফ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পাণ্ডু ঘাটত পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত চাৰিখন স্কীল কেটামাৰান জাহাজ সেৱাৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। বিশ্ববেংকৰ সাহায্যৰে ৰাজ্যখনৰ জল পৰিবহণ ব্যবস্থা উন্নত কৰাৰ বাবে এই   চাৰিখন যাত্রীবাহী আৰু বাহনবাহী ফেৰী সেৱাৰ শুভাৰম্ভ কৰা হৈছে। এই চাৰিখন ফেৰীৰ ভিতৰত দুখন মাজুলীত, গুৱাহাটী-উত্তৰ গুৱাহাটী তথা উজান বজাৰ আৰু উমানন্দৰ ফেৰী ঘাটৰ মাজত একোখনকৈ ফেৰী সেৱা চলোৱা হ’ব। নতুনকৈ আৰম্ভ কৰা এই ফেৰী একোখনে ১০০গৰাকী যাত্ৰী আৰু ৫০খন দুচকীয়া বাহন কঢ়িয়াই নিব।। এই ফেৰীকেইখন নিয়ন্ত্রণ আৰু নিৰীক্ষণ, যোগাযোগ আৰু নেভিগেচন, জি পি এছ, ইক’ছাউণ্ডাৰ, উইণ্ড মিজাৰমেণ্ট, অগ্নি নির্বাপণ, লাইফ ছেভিং ইত্যাদি সা-সঁজুলিৰে সমৃদ্ধ।এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শৰ্মাই উমানন্দ ফেৰী সেৱাৰ বাবে ই-টিকেটিং ব্যৱস্থাৰো শুভাৰম্ভ কৰে।এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অসমৰ সভ্যতা সংস্কৃতি ব্ৰহ্মপুত্ৰ-বৰাক আৰু ইয়াৰ উপনৈসমূহৰ সৈতে সংম্পৃক্ত। অৱশ্যে এই নদীসমূহে ইয়াৰ দুয়োপাৰৰ জনসাধাৰণৰ যোগাযোগৰ দিশত এক বৃহৎ প্রত্যাহ্বান হিচাপে থিয় হৈ আছে। সেয়েহে চৰকাৰে নদী পৰিবহণ তথা জল পৰিবহণ ব্যৱস্থাটো আৰু অধিক উন্নত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।