‘গ্ৰন্থকথা’ৰ অনলাইন কুইজ প্ৰতিযোগিতাত ১০০০ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

‘গ্ৰন্থকথা’ৰ অনলাইন কুইজ প্ৰতিযোগিতাত ১০০০ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

অসমীয়া সাহিত্যৰ জ্ঞানৰ এক অনন্য মিলনমেলা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু অসমীয়া সাহিত্যৰ জ্ঞানক জনসাধাৰণৰ মাজলৈ অধিক ব্যাপকভাৱে লৈ যোৱাৰ উদ্দেশ্যে অসমীয়া সাহিত্যৰ ডিজিটেল মঞ্চ ‘গ্ৰন্থকথা (Granthakatha)’ৰ উদ্যোগত আয়োজন কৰা অনলাইন কুইজ প্ৰতিযোগিতাৰ ফলাফল ৩১ অক্টোবৰত দিনৰ ১১:৩০ বজাত ঘোষণা কৰে।

অসমীয়া সাহিত্যক কেন্দ্ৰ কৰি আয়োজন কৰা এই বিশেষ অনলাইন কুইজ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা ১০০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই বিনামূলীয়া প্ৰতিযোগিতাখনে সাহিত্যপ্ৰেমী, শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক তথা বিভিন্ন বয়সৰ লোকক একেখন মঞ্চত একত্ৰিত কৰে।

প্ৰতিযোগিতাখনৰ ফলাফল অনুসৰি, বৰপেটাৰ জানমণি বৰাই প্ৰথম স্থান, নলবাৰীৰ ৰুবুল কলিতাই দ্বিতীয় স্থান আৰু লক্ষীমপুৰৰ কাকু বৰাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

গ্ৰন্থকথাৰ তৰফৰ পৰা বিজয়ীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰিছে।

এই কুইজ প্ৰতিযোগিতাৰ বিশেষত্ব আছিল যে ই কেৱল পুৰস্কাৰ লাভৰ প্ৰতিযোগিতা নাছিল; বৰং অসমীয়া সাহিত্যৰ বিষয়ে জানিবলৈ, নিজৰ জ্ঞান পৰীক্ষা কৰিবলৈ আৰু নতুন কথা শিকিবলৈ এক অনন্য সুযোগ হিচাপে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হৈ পৰে।

‘গ্ৰন্থকথা’ৰ মতে, ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া সাহিত্যক অধিক সংখ্যক মানুহৰ ওচৰলৈ লৈ যোৱা আৰু নৱপ্ৰজন্মক নিজৰ সাহিত্য-সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰোৱাই এই পদক্ষেপৰ অন্যতম মূল উদ্দেশ্য।  “জ্ঞান আহৰণ কৰক, সাহিত্যক জানক আৰু নিজৰ শিপাৰ সৈতে সংযুক্ত থাকক” — এই বাৰ্তাৰে ‘গ্ৰন্থকথা’ই আগন্তুক দিনতো অসমীয়া সাহিত্য, ভাষা আৰু সংস্কৃতিক কেন্দ্ৰ কৰি এনে বিভিন্ন কাৰ্যসূচী অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে।