ব্যস্ততাৰ অজুহাত
পূৰৱী হাজৰিকা
দুলীয়াজান,ডিব্ৰুগড়
অভিশপ্ত প্ৰেমৰ আৰ্তনাদ কোনে শুনিব
নাই বিশ্বাস, নাই মৰম
আছে অনৰ্গল অজুহাত
তথাপিও হিয়াৰ একোণত আজিও বয়
জীয়াধল প্ৰণয় |
দুচকুৰ তাপত তোমাক ৰচিচো
Big square fit জোখত,
আহিবা এবাৰ চাই যাবা place টো
তোমাৰ জোখাৰে ।
ইফালে,
প্ৰেমৰ দিকচৌ ঘাটত
লুইতৰ বালিচৰৰ সফুঁৰা খনত সাঁচি ৰাখিছো
আচুতীয়া বিষাদৰ আন্ধাৰ, এমুঠি শূন্যতা
হয়তু তোমাৰ বাবে এয়াই প্ৰিয়াৰ প্ৰিয় ।
এই অবুজ্জনতাৰ বাবে মোৰ কল্পনাৰ অতীত তুমি
আৰু সেমেকা দুৱৰাৰ উচুপনি
এয়াই তোমাৰ ব্যস্ততা আৰু দুৰ্বাৰ সময়ৰ প্ৰহাৰ ।
