কেচি দাস কমার্চ কলেজৰ ৩৮ সংখ্যক প্রতিষ্ঠা দিৱস

Pc- Eastmojo

কেচি দাস কমার্চ কলেজৰ ৩৮ সংখ্যক প্রতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- কেচি দাস কমাৰ্চ কলেজৰ ৩৮ সংখ্যক প্রতিষ্ঠা দিৱস অনুষ্ঠিত হয়।দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটি পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱাই।উদ্বোধনী ভাষণত অধ্যক্ষ বৰুৱাই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈ জড়িত হৈ থকা ব্যক্তিসকলক সোঁৱৰণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সামগ্রিক উন্নয়নৰ বাবে প্রয়োজনীয় সকলো প্ৰচেষ্টা লোৱাৰ কথা ব্যক্ত কৰে।প্রত্যেক বছৰৰ দৰে এই বছৰো প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা অনুষ্ঠান কাৰ্যসূচীত ‘উচ্চ শিক্ষা প্রতিষ্ঠানৰ গুণগত মান নিশ্চিতকৰণৰ কৌশল’ শীর্ষক বক্তৃতা আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ উৎপল শৰ্মাই। বিশেষকৈ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলক বর্তমান ভাৰতবৰ্ষৰ ২০২০ চনৰ নতুন শিক্ষা নীতিৰ লগত নিজকে খাপ খুৱাব পৰাকৈ প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়।মহাবিদ্যালয়ৰ সংস্কৃতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা মহাবিদ্যালয় সংগীতৰ বাণীবদ্ধ ৰূপ আনুষ্ঠানিকভাবে মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষই। উল্লেখ্য যে বিশিষ্ট গীতিকাৰ ড° বিৰিঞ্চি কুমাৰ মেধিয়ে ৰচনা কৰা আৰু দামোদৰ বৰাই সূৰ কৰা মহাবিদ্যালয় সংগীতো নতুন ৰূপত বাণীবদ্ধ কৰে অসমৰ বিশিষ্ট সংগীত পৰিচালক ধীৰাজ দাসে।