ওঠৰ বছৰতে বিবাহৰ উপযুক্ত হয়নে ছোৱালীজনী
জুৰি শইকীয়া
আমাৰ সমাজত মুখে মুখে প্ৰচলিত এষাৰ কথা আছিল “ছোৱালী কুৰিতে বুঢ়ী” । সেয়েহে আজিৰ পৰা চল্লিশ বছৰৰ আগতে ছোৱালী এজনী তোলনী বিয়া হোৱাৰ পিছতে বৰ বিয়াৰ বাবে উপযুক্ত হ’ল বুলিয়েই ধৰা হয় আৰু সেইমতে মাক দেউতাকে ল’ৰাৰ খা-খবৰ কৰি বিয়া দিবলৈ উঠি পৰি লাগি যায় । গাভৰু ছোৱালী ঘৰত কৰাতকৈ যিমান পাৰি সিমান সোনকালে ভাল ল’ৰা এটা চাই বিয়া দি লেথাটো মৰাই ভাল । সেই ধাৰণাটোৰ অলপ উন্নতি কৰি ভাৰতবৰ্ষত ছোৱালীজনীৰ বৌদ্ধিক, শাৰীৰিক, মানসিক বিকাশৰ প্ৰতি চিন্তা চৰ্চা কৰি ১৯৮৭ চনত ল’ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৫ বছৰৰ পৰা ১৮ বছৰলৈ নিৰ্ধাৰণ কৰি আইন প্ৰণয়ন কৰা হয় । কিন্তু ১৮ বছৰ বয়সতো এজনী ছোৱালী বিবাহৰ বাবে সম্পূৰ্ণ উপযুক্ত হয়নে ? আগতে মাক দেউতাকৰো মনত এটা ধাৰণা আছিল ছোৱালীয়ে পঢ়ি কি কৰিব , এনেয়েও বিয়া দিবই লাগিব । তাতকৈ সোনকালে বিয়া দি দিয়াই ভাল । বিয়াৰ পিছত ১৮ বছৰীয়া অপৰিপক্ক ছোৱালীজনীয়ে কেনেকুৱা যমৰ যাতনা ভোগ কৰিব লগা হয় সেয়া আইতাহঁতৰ মুখৰ পৰাই শুনিছোঁ । কেইবাটাও ল’ৰা ছোৱালীৰ বোজা, তদুপৰি ঘৰে পথাৰে কাম এইসকলোবোৰ চম্ভালি চলি থাকিব লাগে ছোৱালীজনী । এতিয়াও অশিক্ষিত পৰিয়াল আৰু ধৰ্মীয় সংখ্যালঘু সমাজত বহুত ছোৱালী ১৮ বছৰৰ আগতেও বিয়া হৈ যোৱা দেখা যায় । চৰকাৰী আইনক অঙ্গুস্থ দেখুৱাই অবৈধ বিবাহৰ প্ৰচলন , বাল্য বিবাহ হৈয়েই আছে যদিও নাৰী শিক্ষাৰ প্ৰসাৰৰ লগে লগে বিবাহৰ ধাৰণাবোৰ সলনি হৈছে । কিন্তু ১৮ বছৰ বয়সতো এজনী ছোৱালী বিবাহৰ বাবে সম্পূৰ্ণ যোগ্য হয় জানো ? কেতিয়াও নহয় । বিশেষকৈ সন্তান জন্ম দিয়াৰ বাবে ১৮ বছৰীয়া ছোৱালী এজনী কেতিয়াও সম্পূৰ্ণৰূপে পৰিপক্ক নহয় । কিয়নো আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত দৰিদ্ৰতা , পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভোগা শিশু, ছোৱালী, মাতৃৰ সংখ্যা অধিক । আমাৰ অসমতে গৰ্ভৱতী মহিলাৰ ৭০% আৰু ছোৱালীৰ ৫০% ই পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভোগা দেখা যায় । পুৰুষতকৈ মহিলাৰ এই হাৰ অতি বেছি । কাৰণ ঋতুমতী ছোৱালী এজনী বা গৰ্ভৱতী মহিলা এগৰাকীয়ে যি পৰিমাণত পুষ্টিকৰ খাদ্য খাব লাগে সেই পৰিমাণৰ খাদ্য খাবলৈ নাপায় আনকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছোৱালী মহিলাই আৱশ্যকীয় খাদ্যখিনিও পেট ভৰাই খাবলৈ নাপায় । গতিকে শাৰিৰীক, মানসিক, বৌদ্ধিক সকলো ধৰণৰ বিকাশ কেনেকৈ হ’ব । তাৰ ওপৰতে যদি সৰুতে বিয়া হৈ সন্তান আৰু কামৰ বোজা পৰে সোনকালেই বাৰ্ধক্যহে নামি আহে জীৱনলৈ ছোৱালীজনীৰ । তেনে মাতৃ এগৰাকীয়ে জন্ম দিয়া শিশুটোও অপৈনত হয় আৰু শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰো অধিক হয় । তাৰোপৰি যৌতুক প্ৰথা , ঘৰুৱা হিংসা , আৰ্থিক সমস্যা আদিয়েও জুৰুলা কৰে ছোৱালীজনীক । যৌৱন কালৰ আৰম্ভণিতেই সকলোবোৰ আশা আকাংক্ষা , ৰং ধেমালিৰ অন্ত পৰে জীৱনৰ পৰা । স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছতে বিয়া হোৱা ছোৱালীজনীয়ে পঢ়িবলৈ মন থাকিলেও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয় ছোৱালীজনী । কিন্তু আজিৰ ছোৱালীয়ে সকলোবোৰ বুজি উঠিছে । শিক্ষা দিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি গৈছে তেওঁলোক । নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ উঠি পৰি লাগিছে নাৰী । তথাপিও যেন ক’ৰবাত থমকি ৰ’ব লগা হয় নাৰী । আইনে বিবাহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ওঠৰ বছৰটোও ছোৱালীৰ বাবে এক বোজাহে । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ফেব্ৰুৱাৰীত হৈ যোৱা বাজেটৰ ভাষণত ছোৱালীৰ অপূৰ্ণপ্ৰাপ্তিতাৰ প্ৰতি লক্ষ্য ৰাখি বিবাহৰ বয়স ওঠৰৰ পৰা বঢ়োৱাৰ প্ৰস্তাৱ ৰাখিছে । তাৰোপৰি ১৫ আগষ্টত লালকিল্লাত দিয়া ভাষণতো প্ৰধান মন্ত্ৰীয়ে ছোৱালীৰ বিবাহৰ বয়স বঢ়োৱাৰ কথা উল্লেখ কৰি কৈছে বিশেষজ্ঞ সমিটি, চৰকাৰৰ দ্বাৰা গঠিত টাস্ক ফ’ৰ্চ আদিয়ে এই বিষয়ত চিন্তা চৰ্চা অব্যাহত ৰাখিছে । আশা কৰিছোঁ সোনকালেই এটা সঠিক সিদ্ধান্তত উপনীত হ’ব।