আইতাৰ স্বচ্ছতা- কুমুদ চন্দ্ৰ মেধি

pc- NPR

আইতাৰ স্বচ্ছতা

কুমুদ চন্দ্ৰ মেধি

স্বচ্ছতাৰ কথা      আইতাই শিকালে

চাফ-চিকুণ হৈ থাকিবলৈ,

হাত ভৰি ধুই      পৰিষ্কাৰভাৱে

বিচনাত উঠিবলৈ

নহলে হেনো       বেমাৰৰ বীডাণু

ঘৰ আহি ভৰি যায়,

পৰিয়ালৰ মাজত     নানা ধৰণৰ

বেমাৰ দিয়ে বিয়পায়।

পঢ়া মেজখন       ভালদৰে মচিব

আইতাই সদায় কয়,

প্ৰভুক স্মৰণ       কৰি পঢ়িলে

পঢ়াবোৰ মনত ৰয়।

ঘৰ কাঠিবোৰ      সাৰি পুটি

ধুনীয়াকৈ ৰাখিব লাগে,

নিজৰ কামবোৰ     নিজে কৰিলে

মনত আনন্দ জাগে।

ঘৰৰ পৰিৱেশ      সূন্দৰ হʼলে

সকলোৱে ভাল পায়,

পৰীক্ষাৰ বহী       পৰিপাটী দেখিলে

শিক্ষকৰ মন জুৰায়।

সদায় মনত        ৰাখিম আইতা

তুমি অতি আপোন,

সু-নাগৰিক        হবলৈ সমাজত

আমাৰ আছে সপোন।

আইতাক আমি       শ্ৰদ্ধা কৰোঁ

আমাক চেনেহ কৰে,

খুন্দি খোৱা        বটাৰ তামোল

আনি দিওঁ যতনেৰে।

আইতাই আমাক     সাধু শুনায়

ৰজা-মহাৰজাৰ কাহিনী,

সাধু শুনি শুনি     আইতাৰ কাষত

আমি যাওঁ টোপনি।