যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰʼনাত আক্ৰান্ত ৪৫৫ জন লোক 

pc- coe.int

যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰʼনাত আক্ৰান্ত ৪৫৫ জন লোক 

অনলাইন বাৰ্ত্তাসেৱা-   ৰাজ্যত পুনৰ ৪৫৫জন লোক কৰʼনাত সংক্ৰমিত হৈছে।  সংক্ৰমিত লোক সকলৰ ভিতৰত সৰ্বাধিক ৮৪জন কামৰূপ মহানগৰ জিলাৰ।  ২৪ ঘণ্টাত ৰাজ্যজুৰি মুঠ ৭২,৬৫০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। কৰʼনাৰ ফলত নতুনকৈ ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৮০৭জনলৈ বৃদ্ধি । কৰʼনাৰ সংক্ৰমণৰ পৰা ৰাজ্যত নতুনকৈ ৫১৭জন লোক সুস্থ হৈ উঠিছে। সম্প্ৰতি কৰʼনা সংক্ৰমণৰ ফলত ৩,৬৩৭জন চিকিৎসাধীন  হৈ আছে। এই পর্যন্ত ক’ভিড ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা হৈছে ২,২৩,০২,৪৩৮ জন।