যোৱাকালি পুৱতি নিশা প্রায় ২.৩০ বজাত আই এছ বি টিৰ সন্মুখত গড়চুক আৰক্ষীয়ে জব্দ কৰে চুপাৰি ভর্তি বাহন

pc The Indian Express

যোৱাকালি পুৱতি নিশা প্রায় ২.৩০ বজাত আই এছ বি টিৰ সন্মুখত গড়চুক আৰক্ষীয়ে জব্দ কৰে চুপাৰি ভর্তি বাহন

অনলাইন বাৰ্ত্তাসেৱা – গড়চুক আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী মহানগৰীৰ আই এছ বি টিৰ পৰা গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰিসহ তিনিজন সৰবৰাহকাৰীক। আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত চুপাৰি সৰবৰাহকাৰীকেইটাই এছ-২৫-ডি চি ৪৮১৭ নম্বৰৰ ডি আই বাহনেৰে চুপাৰিখিনি মেঘালয়ৰ পৰা বৰপেটালৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। ধৃত চুপাৰি সৰবৰাহীকেইটা বৰপেটা জিলাৰ হাউলী অঞ্চলৰ কুমুল্লীপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি যোৱাকালি পুৱতি নিশা প্রায় ২.৩০ বজাত আই এছ বি টিৰ সন্মুখত বাহৰ পাতি চুপাৰি ভর্তি বাহনখন জব্দ কৰে। লগতে আৰক্ষীয়ে চুপাৰিখিনি কঢ়িয়াই অনা তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ৫০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৩৭৯/৪১১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

(UD.)