এলবামৰ পৰাই যেন চাই ৰোৱা তুমি- মৃগাংক বৰুৱা

Pc- Vecteezy

এলবামৰ পৰাই যেন চাই ৰোৱা তুমি

এনেকৈয়ে গুচি যায়
আমাৰ প্ৰিয়তম আই
হেঁপাহৰ অনামেণ্ট বক্স
চন্দুকত পেলাই
সোণ-ৰূপৰ শিকলি ছিঙি
যেন সজাটো ভাঙি
উৰি যায় আত্মা, ডেউকা লগাই
মাথো-পৰি ৰয় এলবামৰ পৃষ্ঠাত
তোমাৰ প্ৰতিচ্ছবি
আমালৈ চাই চাই…..

আজি নিতৌ ৰওঁ
সন্ধিয়াৰ পদূলি মুখত
তাতে বিয়পি থাকে তোমাক চুমি
ৰজনীগন্ধাৰ দৰে সুবাস ধাৰাসাৰ—-
ধাৰাসাৰ যেন তুমি……৷

মৃগাংক বৰুৱা, গোলাঘাট