জীৱনবোধ মানেনো কি- পুলিন ডেকা

pc Unsplash

জীৱনবোধ মানেনো কি

পুলিন ডেকা

মানুহৰ জীৱন অৰ্থবহ দিশৰ সমষ্টি। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত এক লক্ষ্য থকাটো নিত্যন্তই প্ৰয়োজন। এই লক্ষ্য আৰু তাক পূৰণৰ বাবে কৰা কাৰ্যই জীৱনবোধৰ সামগ্ৰিকতা প্ৰকাশ কৰে। কিন্তু মানুহৰ চিন্তন আৰু মনৰ জগতক প্ৰতিফলিত কৰা নিউক্লিয়াছ হৈছে হৃদয়। এজন পূৰ্ণবয়স্ক ব্যক্তিয়ে নিজস্ব কামৰ মূল্যায়ন নকৰাকৈ জীৱনবোধৰ তত্ত্ব অনুধাৱন কৰিব নোৱাৰে। জীৱনত এক শক্তিশালী অৰ্থবোধ নাথাকিলে, প্ৰকৃত অৰ্থত নিৰূপিত জীৱন গঢ়ি তোলাটো সম্ভৱ নহয়। সেইবাবে হয়তো মহাত্মা গান্ধীয়ে কৈছিল- মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত অসীম সৃষ্টিশীল আৰু বিশ্বব্ৰহ্মাণ্ডখন অন্তহীনভাৱে বিশাল।প্ৰয়োজন মাত্ৰ সকলো ইচ্ছাক হৃদয়ৰ ওচৰলৈ লৈ আহিব লাগিব।জীৱনবোধৰ সৈতে জীৱনৰ সম্পৰ্ক জড়িত হৈ থাকে। এই বিশ্বত দুই প্ৰকাৰৰ মানুহ থাকে। এবিধ সাধাৰণ আৰু আনবিধ অসাধাৰণ। সাধাৰণ জীৱনবোধৰ সৈতে অকল ব্যক্তি তথা পৰিয়ালৰ জীৱন জড়িত হৈ থাকে। আনহাতে অসাধাৰণ জীৱনবোধৰ সৈতে সমাজ আৰু ভৱিষ্য দৰ্শনৰ সম্পৰ্ক থাকে। তেওঁলোকে সমগ্ৰ জীৱন মানৱৰ কল্যাণৰ নিমিত্তে কৃচ্ছ সাধন, কঠোৰ পৰিশ্ৰম কৰি যি ফল নিসৃত কৰে, তাৰ জৰিয়তে আলোকৰ পথ মুকলি হয়। সাধাৰণ মানুহৰ বোধ এটা নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক। নিজৰ স্বাচ্ছন্দ্যতা, সমাজখনত নিজৰ অস্তিত্ব বজাই ৰখাৰ বাবে অবিৰাম সংগ্ৰামত ব্ৰতী হৈ থাকিবলগীয়া হয়। কিন্তু ইয়াৰ বিপৰীতে অসাধাৰণ ব্যক্তিয়ে তুচ্ছতা অতিক্ৰমি নীৰৱ সাধনাৰে জীৱনক প্ৰতিদ্বন্দ্বিতাবিহীনভাৱে আগুৱাই লৈ যাবলৈ সৰ্বাত্মক প্ৰয়াস চলাই যায়।

জীৱনৰ অৰ্থ কি? এই প্ৰশ্নটো গভীৰ আৰু সাধাৰণ। দুয়ো ধৰণে ইয়াক বিশ্লেষণ কৰিব পাৰি। ইয়াক আপাত দৃষ্টিত গ্ৰহণ কৰাটো হৈছে, এটা সাধাৰণ দৃষ্টিভংগী। আত্মসমালোচনাত্মক অথবা আত্মদৃষ্টিৰে গ্ৰহণ কৰা বিষয়টোৱে ব্যক্তি এগৰাকীক অসাধাৰণ চৰিত্ৰ প্ৰদান কৰিব পাৰে। এই ধৰিত্ৰীক উজ্জীৱিত কৰি ৰখাৰ যি অন্তনিৰ্হিত তাৎপৰ্য, তাৰ সৈতে অসাধাৰণত্বৰ বিষয়টো জড়িত হৈ থাকে। ভিক্টৰ ই ফ্ৰেংকলে লিখা গ্ৰন্থ ‘মেন’ছ চাৰ্চ ফৰ মিনিং’ত নাজী কনচেনট্ৰেচন কেম্পত মানুহৰ জীৱনৰ বুৰঞ্জী লিখিছিল। এই মৃত্যু শিবিৰবোৰত হোৱা অত্যাচাৰ আৰু ভয়াবহতা হৈছে ঐতিহাসিক স্মৃতিত মানৱ অৱস্থাৰ কিছুমান ভয়ংকৰ আৰু অমানৱীয় পৰিস্থিতিৰ এক নিদৰ্শন। এগৰাকী পাঠকৰ মনত নিশ্চয় উন্মেষ হ’বলগীয়া বিষয় হৈছে যে এনে অৱস্থাত জীৱনৰ অৰ্থ নিৰূপণ অথবা জীৱনবোধৰ কিবা মৃল্য থাকিব পাৰে নেকি? ফ্ৰেংকালে কিন্তু ঘটনাপ্ৰৱাহ আগুৱাই নিয়াৰ সময়ত নাজী বাহিনীৰ অত্যাচাৰৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰিব বিচৰা নাই। বৰং কাৰাবন্দীসকলৰ মানসিক স্থিতাৱস্থাৰহে বিতংভাৱে উল্লেখ কৰিছে। এই বন্দীসকলে তেওঁলোকৰ অৱশ্যাম্ভাৱী মৃত্যু, জীৱন আৰু আপোনজন ধ্বংসৰ মুখ্যমুখি হোৱাৰ সময়ত যি মানসিক অৱস্থাৰ মুখামুখি হৈছে, তাক ট্ৰেজিক আশাবাদ বুলি ক’ব বিচাৰিছে। তেওঁ জীৱনৰ উদ্দেশ্য আৰু অৰ্থ বিচাৰি উলিওৱাৰ বাবে অভিজ্ঞতাৰ মানচিত্ৰ এখন নিৰ্মাণ কৰিব বিচাৰিছিল।তেনে দিশেৰে বিষয়সমূহ বিশ্লেষণ কৰিলে দেখা যায় যে সংহতি উদ্দেশ্য আৰু তাৎপৰ্যৰ মাজত পাৰ্থক্য আছে।

জীৱনবোধ সন্দৰ্ভত উচ্চ ধাৰণা পোষণ কৰিব নোৱাৰিলে, ইয়াৰ অন্তনিৰ্হিত তাৎপৰ্য বুজাটো সম্ভৱ নহয়। উদ্দেশ্যপ্ৰণোদিত জীৱন আৰু সম্পন্ন জীৱনে,জীৱনবোধৰ ধাৰণাটোক নিৰ্ণয় কৰাৰ দিশত ইতিবাচক প্ৰভাৱপেলায়। এৰিষ্টট’লে হৈছে জীৱনৰ জীৱনৰ অৰ্থক পদ্ধতিগতভাৱে পৰীক্ষা কৰা প্ৰথমজন দাৰ্শনিক। তেওঁৰ ব্যৱহাৰিক দৃষ্টিভংগী হ’ল যে মানৱৰ অস্তিস্বৰ উদ্দেশ্য হৈছে বৌদ্ধিক কাৰ্যকলাপ। সেইবাবে হয়তোনোবেল বঁটাপ্ৰাপক সাহিত্যিক অৰ্নেষ্ট হেমিংৱে কৈছিল যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ সামৰণি একেই পদ্ধতিৰে হয়। কিন্তু মানুহ এজনে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল, কেনেদৰে মৃত্যুক সাবটি ল’বলগীয়া হ’ল, ইয়াৰ দ্বাৰা এজন  মানুহ আন এজনৰ পৰা পৃথক হয়। হেমিংৱে গভীৰভাৱে বিশ্বাস কৰিছিল যে শ্ৰেষ্ঠ ব্যক্তি সৌন্দৰ্যৰ প্ৰতি অনুভূতিশীল, প্ৰত্যাহ্বান গ্ৰহণৰ সাহস, সঁচা কথা কোৱাৰ অনুশাসন, ত্যাগৰ ক্ষমতা থাকে।

জীৱন এক নিৰন্তৰভাৱে চলি থকা প্ৰক্ৰিয়া। যি কোনোবা দিনা নিশ্চিতভাৱে সামৰণি পৰিব। মানুহৰ জীৱনটো হৈছে নিজকে আৰাধনা কৰা, নিজকে সৃষ্টি কৰা। আমি জীৱনটোক আগুৱাই নিব পৰাকৈ বুজিব পৰাতকৈ পিচুৱাই নিব পৰা বোধ এটাৰেহে পৰিচালিত হওঁ। কিন্তু আগুৱাই লৈ যাব পৰাকৈ জীৱনক গঢ় দিব পৰাটোৱে হৈছে এক কলা। নিজেই এক সাৰ্থক জীৱন গঢ়ি আনক অনুপ্ৰেৰণা যোগাব লাগিব। জীৱনবোধৰ ধাৰণাটোক সৰ্বাত্মকভাৱে প্ৰভাৱিত কৰা আন এক কাৰক হৈছে ইচ্ছাশক্তি। মানুহে জীৱনটোক জাগৰিত কৰিবলৈ হ’লে নিজৰ ইচ্ছাশক্তিক বিকশিত কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন আত্মবিশ্বাস। বানান লিখাৰ প্ৰতি আগ্ৰহ নথকা আগাথা ক্ৰীষ্টিয়ে নিজৰ ইচ্ছাশক্তিক জগাই তুলি সাহিত্যৰ ক্ষেত্ৰখনত উজলি উঠিছিল। নোবেল বঁটাপ্ৰাপক কবি, নাট্যকাৰ ডব্লিউ বি য়েটছে ব্যক্ত কৰিছে যে পঢ়াৰ প্ৰতি উদাসীনতাৰ বাবে তেওঁৰ খঙাল শিক্ষক পিতৃ ইমানেই অধৈৰ্য আৰু ক্ষোভিত হৈ পৰিছিল যে এদিন পঢ়িবলৈ দিয়া কিতাপবোৰ মূৰত পেলাই দিছিল। জৰ্জ বাৰ্নাৰ্ড শ্ব’ৱে বিদ্যালয়ক কাৰাগাৰৰ সৈতে তুলনা কৰি আধাতে শিক্ষা সামৰণি পোইছিল।সাহিত্যিকজন আৰভিং, গুস্তাভ ফ্ল’বাৰ্ট, বেভাৰলী ক্লিয়াৰী আদি বিশ্বখ্যাত লেখকৰ বিদ্যালয়কেন্দ্ৰিক বিতৃষ্ণাই জীৱনক ৰুদ্ধ কৰিব পৰা নাছিল। কাৰণ তেওঁলোকৰ আছিল প্ৰবল আত্মবিশ্বাস, হতাশা বা পৰাজয়ৰ ওচৰত হাৰ নমনা ব্যতিক্ৰমী জীৱনশৈলী। এটা শক্তিশালী জীৱনবোধে অপৰিসীম আত্মপ্ৰেৰণা যোগায় আৰু সম্ভাৱনাক বিকশাই তোলাৰ দিশত পথ প্ৰদৰ্শন কৰে। জীৱনৰ উদ্দেশ্যবোধে কঠিন সময়ৰ মাজেৰে পাৰ হ’বলৈ আৰু প্ৰতিকুলতাৰ মাজেৰে অধ্যৱসায় কৰিবলৈ সক্ষম কৰি তোলে। ইয়ে স্বাস্থ্য, কৰ্ম প্ৰদৰ্শন আৰু শেষত সমৃদ্ধিক মাত্ৰাক গতি প্ৰদান কৰে। জীৱনবোধ হৈছে আধ্যাত্মিকতাৰ প্ৰাক ধাৰণাৰ সমতুল্য, মানুহ আৰু অস্তিত্বৰ আবেগিক, আনচেতনভাৱ সংহত মূল্যায়ন। ইয়ে এজন মানুহৰ আবেগিক সঁহাৰিৰ প্ৰকৃতি আৰু তেওঁৰ চৰিত্ৰ নিৰ্মাণ কৰে।