তেতেলিয়াৰ ২২ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা 

তেতেলিয়াৰ ২২ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা 

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২২ মাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকৰ মৃত্য ঘটে ৷ ঘটনা অনুসৰি, শুকুৰবাৰে তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এ এছ ০১ ইউচি ১৬৩৩ নম্বৰৰ এখন ট্ৰাকত তীব্ৰবেগী এআৰ ০১ কিউ ০০৪২ নম্বৰৰ এখন বলেৰ’ বাহনখনে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে । যাৰ ফলত থিতাতে নিহত হয় বলেৰ’খনত থকা চাৰি আৰোহীৰ একেটা পৰিয়ালৰে লিগি বাৰিছা (অৰুণাচলৰ পশু চিকিৎসক), পত্নী কুনগা দৈমা (৫২), তেওঁ অৰুণাচলৰ (ইটানগৰৰ লোকনিৰ্মাণ বিভাগৰ ডি ছেক্টৰৰ লোকনিৰ্মাণ বিভাগৰ বিষয়া) আৰু পুত্ৰ গিমিৰা বাৰিছা (ত্ৰিপুৰা শান্তি নিকেতন মেডিকেল কলেজৰ ছাত্র) । আনজন নিহত পুত্ৰৰ বন্ধু একেখন মেডিকেল কলেজৰে ছাত্ৰ কৰ্ম শেৱাৰ থ্রিমে আছিল। আটাইকেইজনৰ থিতাতে কৰুণ মৃত্যু হয়। দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বলেৰ’ বাহনখনৰ আগফালটো সম্পূর্ণ চূর্ণ বিচূর্ণ হৈ যায়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ লোককেইজনক উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈ নিয়া হয়। বলেৰ’ বাহনখনত Govt of Arunachal লিখা আছিল। ইয়াৰে কর্ম শেৰাৱ থ্রিমে নামৰ ২৬ বছৰীয়া ত্ৰিপুৰা শান্তি নিকেতন মেডিকেল কলেজৰ ছাত্ৰজনৰ পৰিচয় পত্ৰখনৰ পৰা জানিব পৰা মতে তেওঁৰ ঘৰ অৰুণাচল প্ৰদেশৰ পিন নং ৭৯০০৩ ৰ ৰূপা নামৰ ঠাইৰ আছিল। ভয়াৱহ ঘটনাস্থলীত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন আৰু যান-বাহনৰ ডিচিপি জয়ন্ত সাৰথি উপস্থিত হৈ দুৰ্ঘটনাৰ বুজ লয়।