আদালতত শ্যামকানু-শেখৰজ্যোতিৰ জামিন নাকচ
ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয়বাবলৈ আদালতত মুখথেকেচা খালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই। শুকুৰবাৰে মিতালী ঠাকুৰীয়াৰ আদালতে নাকচ কৰিলে শ্যামকানু মহন্তৰ জামিন আবেদন। আনহাতে, শুকুৰবাৰৰ বিয়লি ফাষ্টট্রেক আদালতে শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদন নাকচ কৰি দুই অভিযুক্তৰ মুকলি আকাশৰ তললৈ অহাৰ স্বপ্ন পূৰণ নহ’ল।উল্লেখ্য যে জামিন লাভৰ বাবে শ্যামকানু মহন্তই পূর্বে ফাষ্টট্রেক আদালতত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে তেওঁৰ জামিন নাকচ কৰিছিল। নিম্ন আদালতৰ এই ৰায়ৰ প্ৰত্যাহ্বান জনাই শ্যামকানু মহন্তৰ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পোনতে শ্যামকানু মহন্তৰ ১২২১/২০২৬ নম্বৰ আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত সম্পন্ন হোৱাৰ কথা আছিল যদিও ন্যায়াধীশগৰাকীয়ে এই আবেদনৰ শুনানি ল’বলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে এই জামিন আবেদন ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত পঞ্জীয়ন হয় আৰু মিতালী ঠাকুৰীয়াৰ আদালতে যোৱা ২২ মে’ আৰু ২৫ মে’ত শ্যামকানু মহন্তৰ অধিবক্তা তথা চৰকাৰী পক্ষৰ অধিবক্তাৰ শুনানি দুটা পৰ্যায়ত সম্পন্ন কৰে। শ্যামকানু মহন্তৰ জামিন কিয় নাকচ হ’ল সেই বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যাখ্যা কৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। সংবাদ মেলত মহাধিবক্তা শইকীয়াই প্ৰকাশ কৰা অনুসৰি জামিন লাভ কৰিলে শ্যামকানু মহন্ত বিদেশলৈ পলাই যোৱাৰ আশংকা আছে আৰু ইয়াৰ দ্বাৰা মহন্তই গোচৰৰ সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে। আদালতৰ ৰায়ত উল্লেখ কৰা তথ্য অনুসৰি মহাধিবক্তা শইকীয়াই শ্যামকানু মহন্তৰ আন কেতবোৰ কু-অধ্যায়ৰ কথাও সদৰী কৰে। মহাধিবক্তাগৰাকীয়ে জনাই যে গ্ৰেপ্তাৰৰ পূৰ্বে শ্যামকানু মহন্তই অন্য এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তক আৰক্ষীৰ আগত কি ক’ব লাগিব, কি ক’ব নালাগিব সেয়া শিকাই দিছিল। তদুপৰি শ্যামকানু মহন্তই তেওঁৰ লেপটপ আৰু ম’বাইলৰ পৰা সকলো তথ্য ডিলিট কৰিছিল। পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে এই সমস্ত তথ্য বহু কষ্টেৰে পুনৰুদ্ধাৰ কৰিছিল। মহাধিবক্তাগৰাকীয়ে কয় যে শ্যামকানু মহন্ত জামিনত মুকলি হ’লে সাক্ষীক পুনৰ প্ৰভাৱিত কৰি গোচৰ বিপথে নিব পাৰে। এনেবোৰ কাৰণতে আদালতে শ্যামকানু মহন্তৰ জামিন নাকচ কৰাৰ কথা সদৰী কৰে মহাধিবক্তাগৰাকীয়ে। ইফালে শুকুৰবাৰৰ এই শুনানি সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে কয়, শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰা হৈছে । লগতে অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে । ৮ জুনলৈ ৰায় ঘোষণা কৰা হ’ব । লগতে অধিবক্তাগৰাকীয়ে কয়, সকলোৱে ভাবিছিল ই এটা দুৰ্ঘটনাজনক মৃত্যু । সমগ্র ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভালদৰে তদন্ত কৰিছিল, যাৰ বাবে আমিও গোচৰটো ভালদৰে আগবঢ়াই নিব পাৰিছো । এতিয়া কেৱল এটা পৰ্যায় আৰু মূল পৰ্যায়টোত সাক্ষীবাদী হ’ব । এই সকলোবোৰ চাইহে আদালতে ৰায়দান দিব । ফাষ্টট্রেকত এবছৰৰ বাবে আছে । আমি যিমান পাৰো সোনকালে কৰিবলৈ চেষ্টা কৰিম । আজি আদালতত তেওঁলোকৰ এটা যুক্তিত কৈছিল ৩৪৯ গৰাকী সাক্ষী আছে যিহেতু বহুত সময় লাগিব । তেতিয়া আমি দুটা কথাই কৈছিলো যে ৩৪৯ গৰাকী সাক্ষীৰ ভিতৰত ৭০ খনমান এজাহাৰেই আছে । এখন এখন এজাহাৰ কোনোবাই এটাকৈ ফাইল কৰিছে, কোনোবাই তিনিটাকৈ ফাইল কৰিছে । গতিকে সেইসমূহ কিছু কম কৰিম বুলি ভাবিছো, কাৰণ ইমানবোৰৰ প্ৰয়োজন নাই। মৰিগাঁৱৰ পৰা যিখন এজাহাৰ দিছিল সেইখনেই মূল এজাহাৰ । লগতে কিছুমান এজাহাৰ বেছ ভালকৈ দিছিল তেওঁলোককো মাতিব লাগিব । তথাপি আমি ফিল্টাৰ কৰি কমাই ল’ম যাতে গোচৰটো সোনকালে আগবাঢ়ি যায় আৰু সোনকালে ন্যায় পায় । প্ৰবাসী অসমীয়াৰ সাক্ষী সন্দৰ্ভতো অধিবক্তাগৰাকীয়ে মন্তব্য় কৰে । প্ৰবাসী অসমীয়া সাক্ষীসকল আহিব বুলি আশা প্ৰকাশ কৰি অধিবক্তাগৰাকীয়ে কয়, তেওঁলোক আহিবই লাগিব । তেওঁলোকক চমন দিব লাগিব । তেওঁলোকে সহযোগ কৰিব বুলি আশা কৰিছো ।
