উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত যান-বাহনৰ নিয়ম জাৰি

Pc India Today

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত যান-বাহনৰ নিয়ম জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখেৰ। ধানখেৰৰ আগমনক লৈ যানবাহন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেতবোৰ পথ নিৰ্দেশনা দিয়া হৈছে। উপ ৰাষ্ট্ৰপতি ধানখেৰে বৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহণ কৰাক লৈ বৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত পথ নিৰ্দেশনা দিয়া হৈছে।২২ তাৰিখৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গুৱাহাটী চহৰৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকীয়া আৰু তাৰ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাহন চলোৱাত বাধা আৰোপ কৰা হ’ব। ডি.জি.ৰোড, এ.টি.ৰোড, এম.জি. ৰোড, কে.এল.বি. ৰোড, টাইবুল্লাহ ৰোড, জি.এন.বি. ৰোড, বি বৰুৱা ৰোড,জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডেৰে ২২ ছেপ্টেম্বৰ পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ সামগ্ৰী কঢ়িওৱা বাহন (সৰু/মধ্যমীয়া/ গধুৰ) চলোৱাত বাধা আৰোপ কৰা হ’ব। ইয়াৰ লগতে পথত ডাবল বা ট্ৰিপল পাৰ্কিং নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।