পিএম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে ৰতন টাটাক মনোনীত

Pc NDTV.com

পিএম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে ৰতন টাটাক মনোনীত

ৰঙিলী বাৰ্ত্তাসেৱা- টাটা সন্সৰ অধ্যক্ষ এমেৰিটাছ ৰতন টাটা, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু প্ৰাক্তন উপ লোকসভা অধ্যক্ষ কাৰিয়া মুণ্ডাক পি এম কেয়াৰছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে মনোনীত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু নিৰ্মলা সীতাৰমণ উপস্থিত থকা বোৰ্ড অৱ ট্ৰাষ্টী বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰাৰ এদিন পিছতে এই ঘোষণা কৰা হৈছে।