বেমাৰ – বনজিত দাস

Pc StockCake

বেমাৰ 

বনজিত দাস,ৰিহাবাৰী, বজালী

 দুখত ভাগৰি পৰা
আধাপুৰা খৰি কলিজা ভঙা
হ’লো নেকি জধলা ?
একোই ক’ব নোৱাৰো
দুখ বোৰ আপোন হাতেৰে সজা
নিজৰ ভৰিত নিজেই কুঠাৰ মৰা
নিজৰ দোষতে নিজে কষ্ট ভুগা
একোকে ক’ব নোৱাৰা
থিক এনেকৈ সকলো আজি সৰ্বহাৰা
নিজৰ মাটিৰ বুকুত কবৰ খন্দা
পাহাৰ কাটি বন-বননি ধ্বংস কৰি
মাটি-শিল বুকু ভাঙি চিৰা-চিৰ
নিজৰ আপোন মানুহ সকলোবোৰ যায়
মহাপ্ৰলয়ত উটি,
ময়ো উটুৱাই দিওঁ
নিজে বোৱাই নিয়া জীৱন নদীত
তেনেকৈয়ে
আধা পুৰা কলিজাটি !