ভেলেঙ্গী পাৰত আছোঁ মই
এছ ইছলাম,শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
ভেলেঙ্গী পাৰত আছোঁ মই
আছে ইয়াতো জোনাক
শীতল কৰিব তোমাক
মোৰ দৰে তোমাৰো মন-প্ৰাণ।
বৈ যায় এজাক প্ৰেমৰ বৰষুণ
তোমাৰ তাতে বোৱাৰ দৰে
প্ৰেমৰ বৰষুণজাকত তিতি-বুৰি
ৰোমাঞ্চিত হওঁ আহানা এবাৰ ?
ফুলে ফুল শেৱালি ,বকুল, পলাশ
গুটিমালী, ৰজনীগন্ধা আৰু
হাচনাহানাৰ সুবাসে মতলীয়া কৰে
বসন্ত আহে জানা
কুলিৰ মাতত তোমালৈ মনত পৰে।
আকাশত বিজুলী চমকিলে
তাতো চমকি উঠে চাগে
বুকুখন দুৰু দুৰু কঁপে
আহিবাচোন এপাক আমাৰ ইয়ালৈ
চাই যোৱা মই আছোঁ কেনেকৈ?
আহিবাদেই, সেই চিনাকি নৈৰ ঘাটলৈ
নিচেই কাষতে বহি কথা পাতিম
তুমি অবিহনে মৰমবোৰ কাক ঢালি দিম
বুকু জুৰ পৰাকৈ !
