আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত মানৱ দেহত দুই বা গাহৰিৰ বৃক্ক সংৰোপণৰ সফল পৰীক্ষণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত মানৱ দেহত দুই বা গাহৰিৰ বৃক্ক সংৰোপণৰ সফল পৰীক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ এন ৱাই ইউ লেংগন হেল্থত চিকিৎসকৰ দল এটাই এজন ৰোগীৰ দেহত গাহৰিৰ বৃক্ক সংৰোপণ কৰে। এই সফল বৃক্ক ৰোপণৰ পাছত ৰোগীজনৰ প্ৰতিৰোধী ব্যৱস্থাত কোনোধৰণৰ নেতিবাচক প্রতিক্রিয়া হোৱা নাই। প্ৰথমবাৰৰ বাবে মানৱ দেহত গাহৰিৰ সফল সংৰোপণ বৃক্কৰ কৰি আমেৰিকাৰ শল্য চিকিৎসকে চিকিৎসাখণ্ডত যুগান্তকাৰী সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়ে শল্য চিকিৎসকৰ দলটোক মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণৰ পৰীক্ষণত সফলতা অনাত সহায় কৰিলে। চার্জন ডাঃ ৰবাৰ্ট মণ্টগোমাৰীয়ে নেতৃত্ব লোৱা এই সফল গৱেষণা চলোৱা হৈছে এন ৱাই ইউ লেংগন হেল্থত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলা ৰোগীৰ দেহত। মগজু প্ৰায় মৃত মহিলাগৰাকীৰ বৃক্ক প্রায় বিকল হৈ পৰাৰ পাছত শল্য চিকিৎসকৰ দলটোৱে পৰিয়ালৰ সন্মতি সাপেক্ষে লাইফ ছাপ’ৰ্টত নিয়াৰ পূৰ্বে মহিলাগৰাকীৰ বৃক্কটো আঁতৰাই গাহৰিৰ বৃক্ক সংৰোপণ কৰে। মহিলাগৰাকীৰ দেহত গাহৰিৰ বৃক্কটো সংৰোপণ কৰাৰ পাছত মহিলাগৰাকীৰ তেজ চলাচলকে ধৰি শৰীৰৰ বাহ্যিক দিশতো সকলো সঠিক হৈ থাকে।