অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুুই সংগঠনৰ ওপৰত মহানগৰীত তিনিখন থানাত তিনিটাকৈ গোচৰ ৰুজু

pc Hindustan Times

অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুুই সংগঠনৰ ওপৰত মহানগৰীত তিনিখন থানাত তিনিটাকৈ গোচৰ ৰুজু

ৰঙিলী বাৰ্ত্তাসেৱা – অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুুই সংগঠনৰ ওপৰত মহানগৰীত তিনিখন থানাত তিনিটাকৈ গোচৰ ৰুজু কৰাৰ সমান্তৰালভাৱে ইতিমধ্যে সংগঠন দুটাৰ নেতৃবৃন্দলৈ আৰক্ষীয়ে জাননী জাৰি কৰিছে। সমগ্ৰ ৰাজ্যকে তথা অসমীয়াৰ স্বাভিমানত আঘাত হনা এই কাৰ্য সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৫৩ এ আৰু ৫০৫ (২) আৰু পি ডি পি পি আইনৰ ৩ (১) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে ৪৩২/২০২১ নম্বৰৰ গোচৰ। সেইদৰে অনুৰূপ ধাৰাৰ অধীনত হাতীগাঁও আৰক্ষী থানাত ৯০৪/২০২১ আৰু দিছপুৰ আৰক্ষী থানাত ৩৮২৩/২০২১ নম্বৰৰ গোচৰ দুটা ৰুজু কৰা হৈছে। দিছপুৰ আৰু হাতীগাঁও আৰক্ষী থানাই ৰুজু কৰা গোচৰ দুটাৰ বিপৰীতে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্টৰ মুখ্য উপদেষ্টা প্রদীপ দত্তৰয় আৰু উপদেষ্টা হৃষীকেশ দে’লৈ জাৰি কৰা হৈছে জাননী।