ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি ভাবি দ্বিতীয়টো ভেকচিন লোৱাৰ পৰা বিৰত নাথাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

pc Wikipedia

ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি ভাবি দ্বিতীয়টো ভেকচিন লোৱাৰ পৰা বিৰত নাথাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা –  ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতেই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ইতিমধ্যে ক’ভিডে দেশৰ বহুত ক্ষতি কৰিলে। ক’ভিডে ৰিক্সাচালক, ঠেলাচালক, অট’ৰিক্সা চালক, ক্ষুদ্র ব্যৱসায়ীসকলক আটাইতকৈ বেছি ক্ষতি কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক ক’ভিডৰ ভেকচিন ল’বলৈ আহ্বান জনাই। তেওঁ কয় যে বহুতে ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি ভাবি দ্বিতীয়টো ভেকচিন লোৱাৰ পৰা বিৰত থাকে। তেনে কৰা উচিত নহয়। প্রত্যেক ব্যক্তিকে ক’ভিডৰ দুয়োটা ভেকচিন ল’বলৈ তেওঁ আহ্বান জনায়। ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱাবাৰ পূজা হ’ল, নির্বাচনো হ’ল। কিন্তু এপ্ৰিল মাহৰ বিহুৰ পাছতে ক’ভিড আহিল। তেখেতে লগতে উল্লেখ কৰি কয় যে তৃতীয়বাৰৰ বাবে যদি অসমত ক’ভিড আহে, স্কুল-কলেজ আদি যদি বন্ধ হয় সমাজখন শেষ হৈ যাব। সেয়ে তেওঁ সকলোকে ভেকচিন লোৱাৰ লগতে এইক্ষেত্ৰত সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়। ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে শাৰদীয় দুর্গোৎসৱৰ পাছত ক’ভিড আক্ৰান্তৰ সংখ্যা কিছু বাঢ়িছে। এই বৃদ্ধি এতিয়ালৈ এলার্মিং নহয়’ যদিও সংখ্যা বাঢ়িছে। এয়া পূজাৰ সময়ত হোৱা জনসমাগমৰ বাবেও হ’ব পাৰে। সেয়ে তেওঁ জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।