আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিবস উপলক্ষে দৰং জিলাৰ ছিপাঝাৰৰ শিক্ষক ফখৰুদ্দিন আহমেদলৈ গ্লোবল শিক্ষক বঁটা,২০২১ প্ৰদান

rongilibarta

আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিবস উপলক্ষে দৰং জিলাৰ ছিপাঝাৰৰ শিক্ষক ফখৰুদ্দিন আহমেদলৈ গ্লোবল শিক্ষক বঁটা,২০২১ প্ৰদান

প্ৰতি বছৰে আন্তঃ ৰাষ্ট্ৰীয় শিক্ষক দিবস পাঁছ অক্টোবৰত পালন কৰা হয় আৰু এই দিবস উপলক্ষে শিক্ষকতাৰ ক্ষেত্ৰখনিলৈ সেৱা আগবঢ়োৱা কৃতিমান শিক্ষক সকলক বঁটা আগবঢ়োৱা হয়। এইবেলি উক্ত বঁটাৰ বাবে দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিশিষ্ট লেখক ,কবি , গল্পকাৰ ফখৰুদ্দিন আহমেদে উক্ত বঁটা লাভ কৰিছে। মোটিভেশ্বনেল ভিছনাৰী লিডিং এৱাৰ্ড ট্ৰাষ্টে আগবঢ়োৱা এই বঁটা চলিত বৰ্ষৰ পাঁছ অক্টোবৰ মঙ্গলবাৰে গধুলি ছয় বজাত হায়দৰাবাদত অনুষ্ঠিত অনুষ্ঠানত অফলাইন আৰু অনলাইন যোগে প্ৰদান কৰে । বঁটাৰ বাবে নিৰ্বাচিত ফখৰুদ্দিন আহমেদে অনলাইন যোগে অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল।
দক্ষিন পশ্চিম ছিপাঝাৰ অঞ্চলৰ নাৰী শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান সানোৱা আৰু ৰাজাপুখুৰী গাঁৱৰ সংগম স্থলীত অবস্থিত জয়মতী কুঁৱৰী বালিকা উচ্চ ইংৰাজী বিদ্যাপীঠত ইং ১৯৯৩ চনত শিক্ষকতা জীৱন আৰম্ভ কৰা ফখৰুদ্দিন আহমেদ সম্প্ৰতি সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইং ১৯৯৮ চনৰ পৰা শিক্ষক হিচাপে সেৱা আগবঢ়াই আহিছে।
ফখৰুদ্দিন আহমেদে শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগতো ওতপ্ৰোত ভাবে জৰিত হৈ আহিছে। জোনাকত এৰাতি , নাকফুল পিন্ধা ছোৱালীজনী (অনলাইন সংস্কৰন) কবিতা পুথি , মৌলানা ইছলামুদ্দিনৰ কলম , অবসৰী শিক্ষক খাইৰুল হুছেইনৰ অভিনন্দন গ্ৰন্থ চেনেহী পঁজাৰ সৌৰভ , অসম সাহিত্য সভাৰ সংহতি সপ্তাহৰ শুভাৰম্ভনি অনুষ্ঠানৰ মুখপত্ৰ পানচৈ , সানোৱা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ , দৰং জিলা সাহিত্য সভাৰ মুখপত্ৰ (সহকাৰী) , সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা ছিপাঝাৰ আঞ্চকিৰ মুখপত্ৰ কাইছা (সভাপতি)ৰ সম্পাদনা আদি তেখেতৰ অসমৰ সাহিত্যক্ষেত্ৰখনিলৈ আগবঢ়োৱা অৰিহনা। ইয়াৰ উপৰিও অসম ত , ভাৰত তথা বিশ্বৰ সমসাময়িক পৰিঘটনাৰ সম্পৰ্কত অসমৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা , দৈনিক অসম , অসমীয়া খবৰ , দৈনিক অগ্ৰদূত , দৈনিক গন অধিকাৰ , দৈনন্দিন বাৰ্তা , সাদিন , মঙ্গল বাতৰি , ৰঙিলী বাৰ্তা , প্ৰান্তিক , হৃদয় , আজিৰ কবিতা আদি কাকত-আলোচনীত তিনি শতাধিক নিবন্ধ , কবিতা আৰু গল্প প্ৰকাশিত হৈছে। অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু একনিষ্ঠ কৰ্মী আহমেদ ইং ২০০৫ বৰ্ষত ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ আদৰনি সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হৈছিল লগতে তেখেত দৰং জিলা সাহিত্য সভা , সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা কবি সন্মিলন আৰু আলাপ সাহিত্য গোষ্ঠীৰ হৈ সম্প্ৰতি তেখেতে সেৱা আগবঢ়াই আহিছে।
সুদীৰ্ঘ ২৮ বছৰ ধৰি অসমৰ শৈক্ষিক জগতখনিলৈ সেৱা আগবঢ়োৱা ফখৰুদ্দিন আহমেদে এম. ভি.এল্. এ. ট্ৰাষ্টে গ্লোবেল শিক্ষক বঁটা , ২০২১ ৰ এই বঁটা লাভ কৰাত অঞ্চলটিৰ উপৰিও সমগ্ৰ দৰং জিলাবাসী আনন্দিত হৈ পৰিছে।
ফখৰুদ্দিন আহমেদ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱাটাৰী গাঁৱৰ বাসিন্দা মৌলানা ফাইজুৰ ৰহমান আৰু পৰিবান নেছাৰ প্ৰথম পুত্ৰ।