প্ৰধানমন্ত্রী মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা আৰু সমৰ্পণ’ অভিযানৰ অংশ স্বৰূপে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত বিশেষ নাগৰিক সভা

pc Facebook

প্ৰধানমন্ত্রী মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা আৰু সমৰ্পণ’ অভিযানৰ অংশ স্বৰূপে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত বিশেষ নাগৰিক সভা

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্রী মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে ‘সেৱা আৰু সমৰ্পণ’ অভিযানৰ অংশ স্বৰূপে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত এখন বিশেষ নাগৰিক সভাত তেওঁ মোদীৰ কাৰ্যকালত হোৱা উন্নয়ন আৰু প্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰা হয়। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্রী হোৱালৈকে ৰাজনৈতিক যাত্ৰাত সফলতাৰে জনতাৰ হৈ কাম কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ সেৱাৰ প্ৰতি সমর্পিত মনোভাবেৰে কাম কৰি উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰিছে। বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ বিকাশৰ বাবে তেওঁ বিভিন্ন কল্যাণমূলক আঁচনিৰে যুগান্তকাৰী পৰিৱৰ্তন আনিছে। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সম্পাদক শিৱ প্ৰসাদৰ। উক্ত সভাত প্রধানমন্ত্রী মোদীয়ে বলিষ্ঠ নেতৃত্বৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই তেখেতৰ ভাষণত উল্লেখ কৰে। জননেতাগৰাকীৰ কৰ্তব্যনিষ্ঠা আৰু সমৰ্পিত সেৱাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত উৎসর্গিতভাৱে কাম কৰি যোৱাৰ বাবে সকলোকে প্ৰেৰণ যোগাই আহিছে। উক্ত সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, কামলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক মুখপাত্র তথা উত্তৰ কামৰূপ জিলাৰ প্ৰভাৰী পৱিত্ৰ মাৰ্ঘেৰিটা, উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰৰ লগতে ভালেসংখ্যক নেতা আৰু সাধাৰণ ৰাইজ।