মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ-ভাৰতী এয়াৰটেলৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ-ভাৰতী এয়াৰটেলৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত স্থাপন হ’ব বৃহৎ বৃহৎ ডাটা চেণ্টাৰ ৷ অসমক ডিজিটেলভাৱে শক্তিশালী আৰু প্রযুক্তিনিৰ্ভৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য-প্রযুক্তি বিভাগ আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পাদন হয়। যোৰহাট আৰু শিলচৰত দুটা অত্যাধুনিক তথ্যকেন্দ্র স্থাপনৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত তথ্য-প্রযুক্তি বিভাগৰ আয়ুক্ত-সচিব নন্দিতা দত্ত আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চাৰ্কোল হেড (বাণিজ্যিক) প্রিয়ংকা জৈনে স্বাক্ষৰ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, দুটা অত্যাধুনিক ডাটা চেণ্টাৰ স্থাপনৰ বাবে অসম চৰকাৰ আৰু ভাৰতী এয়াৰটেলৰ মাজত হোৱা বুজাবুজিয়ে ৰাজ্যখনৰ ডিজিটেল যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । এই দীর্ঘম্যাদী অংশীদাৰিত্বই অসমৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ৰূপান্তৰত এক মাইলৰ খুঁটি স্থাপন কৰিব বুলি মন্তব্য কৰি কয় যে বৰ্তমান সময়ত এখন ৰাজ্যৰ অগ্রগতি কেৱল পথ, দলং, ৰে’লপথ আৰু বিদ্যুৎ যোগানৰ দৰে কায়িক আন্তঃগাঁথনিৰ ওপৰতে নিৰ্ভৰ নকৰে। কৃত্রিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, বিগ ডাটা আৰু ডিজিটেল সেৱাৰ দ্রুত বিকাশ আজিৰ যুগত নিৰ্ভৰযোগ্য-সুৰক্ষিত ডিজিটেল আন্তঃগাঁথনিও সমানেই অপৰিহাৰ্য হৈ পৰিছে। তথ্যকেন্দ্রসমূহ আধুনিক ডিজিটেল অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। অসম চৰকাৰে ৰাজ্যখনক কেৱল ডিজিটেল সেৱাৰ উপভোক্তা হিচাপে নহয়, বৰঞ্চ ভাৰতৰ ক্ৰমবর্ধমান ডিজিটেল অর্থনীতিলৈ অৱদান আগবঢ়াব পৰা তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তুলিবলৈ প্রতিশ্রুতিবদ্ধ। অসমত ডিজিটেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আস্থা প্রকাশ কৰাৰ বাবে ভাৰতী এয়াৰটেলৰ নেতৃত্ব, বিশেষকৈ ভাৰতী এণ্টাৰপ্ৰাইজেছৰ উপাধ্যক্ষ ৰাজন ভাৰতী মিটালক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। আজি স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সবিশেষ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা মতে, যোৰহাটত প্ৰায় চাৰি একৰ ভূমিত স্থাপন হ’বলগীয়া ১০ মেগাৱাট ক্ষমতাসম্পন্ন তথ্যকেন্দ্ৰটোৰ প্ৰথম পর্যায়ত ২০০ কোটি টকা বিনিয়োগ কৰা হ’ব। অনুৰূপ ধৰণে শিলচৰত প্ৰায় পাঁচ একৰ ভূমিত স্থাপন কৰিবলগীয়া ১৫ মেগাৱাট ক্ষমতাসম্পন্ন তথ্যকেন্দ্ৰটোৰ প্রথম পর্যায়ত বিনিয়োগ হ’ব ২৫৫ কোটি টকা। মুঠ ৪৫৫ কোটি টকা বিনিয়োগৰ এই দুয়োটা প্রকল্পই প্রায় ১৬৪টা প্রত্যক্ষ কর্মসংস্থাপনৰ লগতে নিৰ্মাণ, অভিযান্ত্রিক, নিৰাপত্তা, ৰক্ষণাবেক্ষণ আৰু অন্যান্য আনুষংগিক খণ্ডত ব্যাপক পৰোক্ষ সংস্থাপনৰো সুযোগ সৃষ্টি কৰিব। গুৱাহাটীৰ বঙৰাস্থিত আইটি পার্কত ২৫০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণকাৰ্য চলি থকা এয়াৰটেলৰ ১৫ মেগাৱাট ক্ষমতাসম্পন্ন প্রথমটো তথ্যকেন্দ্ৰ ২০২৮ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। এই তিনিওটা প্রকল্প সম্পূৰ্ণ হ’লে ভাৰতী এয়াৰটেলৰ অসমত তথ্যকেন্দ্ৰৰ ক্ষমতা ৪০ মেগাৱাট আৰু প্ৰথম পর্যায়ত মুঠ বিনিয়োগ ৭০৫ কোটি টকা হ’বগৈ। তদুপৰি জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে সংগতি ৰাখি আন দুটা তথ্যকেন্দ্ৰও স্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ সুষম আঞ্চলিক বিকাশত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰৰ লক্ষ্য হৈছে অর্থনৈতিক-ঔদ্যোগিক বিকাশৰ সুফল কেৱল গুৱাহাটীতে সীমাবদ্ধ নাৰাখি অসমৰ প্ৰতিটো প্ৰান্তলৈ সম্প্ৰসাৰিত কৰা। উজনি অসমৰ অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ যোৰহাট তথা বৰাক উপত্যকাৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ শিলচৰত তথ্যকেন্দ্র স্থাপনে দক্ষিণ-উজনি অসমৰ প্ৰযুক্তিগত বিকাশত নতুন গতি প্রদান কৰিব বুলি তেওঁ মন্তব্য কৰে। অসমৰ দূৰসংযোগ খণ্ডত ভাৰতী এয়াৰটেলৰ দীৰ্ঘদিনীয়া অৱদানৰ শলাগ লৈ তেওঁ কয় যে প্রতিষ্ঠানটোৱে এতিয়ালৈকে অসমত প্রায় ১০,৬৪৫ কোটি টকা বিনিয়োগ কৰিছে। ৰাজ্যখনত এয়াৰটেলৰ ৮,৬০০ৰো অধিক টেলিকম ছাইট আৰু ২৩,০০০ কিলোমিটাৰতকৈও অধিক অপ্টিকেল ফাইবাৰ নেটৱৰ্ক আছে। যিয়ে ১.২১ কোটিৰো অধিক গ্রাহকক সেৱা আগবঢ়ায়। তদুপৰি এয়াৰটেল পেমেন্টছ বেংক-এ অসমৰ আটাইকেইখন জিলাতে ডিজিটেল বেংক সেৱা প্ৰদান কৰি আহিছে ২৩ লাখতকৈও অধিক গ্রাহকক। ইয়াৰ উপৰি প্রতিষ্ঠানটোৱে অসমত ফ’ৰ জি আৰু ফাইভ জি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে পুনৰ ১,৫০০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অসমৰ পৰিৱৰ্তিত ঔদ্যোগিক পৰিৱেশৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০২৫ চনত অনুষ্ঠিত এডভান্টেজ আছাম-২.০ত স্বাক্ষৰিত ৫ লাখ কোটি টকাৰ বুজাবুজি চুক্তিৰ ভিতৰত মাত্ৰ ডেৰ বছৰৰ ভিতৰতে ৩.৫০ লাখ কোটি টকাৰ বিনিয়োগ বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে চৰকাৰ। তেওঁ কয় যে এসময়ত অসমত উগ্রপন্থীৰ সমস্যা আৰু বোমা বিস্ফোকাৰ মাজতে এয়াৰটেলে কাম আৰম্ভ কৰিছিল, আনকি কার্বি আংলঙত প্রতিষ্ঠানটোৰ কৰ্মচাৰীক অপহৰণো কৰা হৈছিল। কিন্তু আজি অসম দেশৰ অন্যতম শান্তিপূর্ণ ৰাজ্যত পৰিণত হৈছে, যাৰ ফলত দেশ-বিদেশৰ বৃহৎ উদ্যোগ গোষ্ঠীসমূহে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।  মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ উপৰি যোৰহাট আৰু শিলচৰতো তথ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্তই অসমৰ প্রতি উদ্যোগ মহলৰ বর্ধিত আস্থাৰ প্ৰমাণ দাঙি ধৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শেহতীয়াকৈ গ্ৰহণ কৰা আন কেইবাটাও বৃহৎ ঔদ্যোগিক পদক্ষেপৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘হীৰা’ (হাইৱে’, ইনলেণ্ড ৱাটাৰ ট্রেন্সপ’ৰ্ট, ৰে’লৱে, এয়াৰৱেইজ আৰু আই-ৱেইজ) ধাৰণাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কায়িক সংযোগৰ লগতে ডিজিটেল সংযোগৰ দিশটো কেন্দ্ৰীয় চৰকাৰে অসমক সম্পূর্ণ সহযোগিতা আগবঢ়াইছে। কেন্দ্রীয় কেবিনেটে শিলচৰত এটা নতুন গ্রীনফিল্ড বিমানবন্দৰ স্থাপনত অনুমোদন জনোৱাটো অসমৰ উন্নয়নৰ দ্রুতগতিৰ অন্যতম নিদর্শন। যেতিয়া কোনো এখন ৰাজ্যত সুদৃঢ় ডিজিটেল আন্তঃগাঁথনি গঢ়ি উঠে, তেতিয়া সেই ৰাজ্যখনত অন্যান্য উদ্যোগৰ আগমন বৃদ্ধি পায়। অসমত হোৱা প্ৰতিটো বিনিয়োগ ৰাজ্যখনত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাৰ বিপৰীতে বহিঃৰাজ্যলৈ যাব খোজা যুৱক-যুৱতীসকলক অসমতে ধৰি ৰখাত সহায় কৰে। এইক্ষেত্ৰত ৰাজ্যবাসীৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰে তেওঁ। ভাষণ প্ৰসংগত তেওঁ ভাৰতী এয়াৰটেলৰ শিক্ষা ফাউণ্ডেচনৰ জৰিয়তে অসমত কাম কৰাৰ আগ্ৰহক আদৰণি জনায়। এইক্ষেত্ৰত চৰকাৰে তাৎক্ষণিকভাৱে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। অনুষ্ঠানত তথ্য-প্রযুক্তি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, মুখ্য সচিব ড° ৰবি কোটা, তথ্য-প্রযুক্তি বিভাগৰ প্ৰধান সচিব কে এছ গোপীনাথ নাৰায়ণ, ভাৰতী এণ্টাৰপ্ৰাইজেছৰ উপাধ্যক্ষ ৰাজন ভাৰতী মিটাল, ভাৰতী এয়াৰটেলৰ কৰ্প’ৰেট পৰিক্ৰমা সঞ্চালক তথা গ্রুপ চীফ ৰেগুলেটৰী অফিচাৰ ৰাহুল ভাছকে ধৰি ৰাজ্য চৰকাৰ আৰু প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।