এপ্রিলত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াৰ তুলসীবাৰীত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰি এখন ৰাজহুৱা সভাত দিয়া ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি ২৭ হাজাৰ কোটি টকা বিনিয়োগসাপেক্ষ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো অহা বৰ্ষৰ এপ্রিল মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। তেওঁ কয় যে অসমৰ উদ্যোগ খণ্ডত পূর্বে কল্পনা কৰিব নোৱাৰা কাম এতিয়া বাস্তৱায়িত হৈছে। ওড়িশাৰ পাৰাদ্বীপৰ পৰা পাইপেৰে খাৰুৱা তেল আনি নুমলীগড় শোধনাগাৰত শোধন কৰা হ’ব। নামৰূপত ১০ হাজাৰ কোটি টকা ব্যয়েৰে সাৰ কাৰখানা নিৰ্মাণৰ কাম চলি আছে আৰু দ্বিতীয়টো কাৰখানা স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে। ধুবুৰীৰ চাপৰত আৰম্ভ হৈছে ৫০ হাজাৰ কোটি টকা ব্যয়েৰে ৩,২০০ মেগাৱাট তাপবিদ্যুৎ উৎপাদন প্ৰকল্পৰ কাম। এনেদৰে স্থাপন হোৱা উদ্যোগত লক্ষাধিক যুৱক-যুৱতীয়ে প্রত্যক্ষ আৰু পৰোক্ষভাৱে কর্মসংস্থাপন লাভ কৰিব। ফলত অসমৰ পৰা কামৰ সন্ধানত যুৱক-যুৱতীসকল আন ৰাজ্যলৈ যাবলগীয়া নহ’ব। গুজৰাটত হোৱা উদ্যোগীকৰণৰ পৰিৱেশ প্রত্যক্ষ কৰি উৎসাহিত হ’বলৈ অসমৰ পৰা ২০টা বেছত ১০ হাজাৰ যুৱক-যুৱতীক ৰাজ্যখনলৈ পঠিওৱাৰ বাবে পৰিকল্পনা কৰাৰ কথাও তেওঁ ভাষণ প্ৰসংগত সদৰী কৰে।
