ৰঙিয়াত তুলসীবাৰীত প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুত প্ৰকল্পৰ ভূমিপূজন-আধাৰশিলা মুখ্যমন্ত্ৰীৰ

ৰঙিয়াত তুলসীবাৰীত প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুত প্ৰকল্পৰ ভূমিপূজন-আধাৰশিলা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ যাত্ৰাত সংযোজিত হ’ল আন এক নতুন অধ্যায়ৰ।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়াৰ তুলসীবাৰীৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত স্পীড ফ’ৰ ডিফেঞ্চ ছিষ্টেম্ছ প্রাইভেট লিমিটেডে স্থাপন কৰা প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে মুম্বাইস্থিত প্ৰতিৰক্ষা সামগ্রী উৎপাদন প্রতিষ্ঠানটোৱে প্রায় ১৪ একৰ ভূমিত প্রথম পর্যায়ত প্রায় ৫০ কোটি টকা বিনিয়োগেৰে প্রকল্পটো স্থাপন কৰিব। ২০২৮ চনৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰকল্পটোৰ জৰিয়তে  উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। প্রকল্পটো সম্পূর্ণ কার্যক্ষম হৈ উঠিলে প্রতিবছৰে প্ৰায় ৫ হাজাৰটা তাৎক্ষণিকভাৱে স্থাপন কৰিব পৰা পূৰ্বনির্মিত গাঁথনি ৩০০টা ভূগর্ভস্থ বাংকাৰ- সুৰক্ষামূলক গাঁথনি, এশটা ড্রোন প্ৰতিৰোধী ব্যৱস্থা আৰু ১,৫০০খন ড্রোন নির্মাণ সম্ভৱ হ’ব। প্রকল্পটোৰ প্ৰথম পৰ্যায়ৰ প্ৰায় ১৫০টা প্রত্যক্ষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব আৰু সম্পূৰ্ণৰূপে কার্যক্ষম হোৱাৰ পাছত এই সংখ্যা প্রায় ৫০০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উৎপাদন আৰু যোগান ব্যৱস্থা ২৫ৰ পৰা ৩০ শতাংশ স্থানীয় যোগানকাৰী, ক্ষুদ্র-মজলীয়া উদ্যোগ, যন্ত্রপাতি নির্মাতা, নিৰ্মাণকাৰ্যৰ সৈতে জড়িত প্রতিষ্ঠান-যোগানকাৰী-সেৱা প্ৰদানকাৰীসকলৰ বাবে ব্যৱসায়িক সম্ভাৱনাৰো সৃষ্টি হ’ব। প্ৰতিৰক্ষা প্ৰযুক্তি উৎপাদন প্রতিষ্ঠানটোৱে প্রকল্প স্থাপনৰ লগতে আইআইটি গুৱাহাটীৰ সৈতে সহযোগিতাৰে গৱেষণা উন্নয়ন, উদ্ভাৱন আৰু নতুন প্রযুক্তিৰ ক্ষেত্ৰত কাম কৰাৰ পৰিকল্পনা কৰিছে। ফলত আইআইটি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অধ্যাপকসকলে বাস্তৱিক প্ৰতিৰক্ষা আৰু অভিযান্ত্রিক সমস্যা সমাধানৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিব। প্রকল্পটোৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে  ৰঙিয়াৰ তুলসীবাৰীত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন-আধাৰশিলা স্থাপনে অসমৰ ঔদ্যোগিক বিকাশৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। পৰম্পৰাগত উদ্যোগসমূহৰ লগতে দেশৰ চাহিদা পূৰণ আৰু ৰাজ্যৰ বিকাশৰ যাত্ৰাক ত্বৰান্বিত কৰিব পৰা উদ্যোগ স্থাপনত গুৰুত্ব দিয়া হৈছে। জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনত সফলতা লাভ কৰাৰ পাছত ৰাজ্য চৰকাৰে প্ৰতিৰক্ষা সামগ্ৰী উদ্যোগ স্থাপনত গুৰুত্ব দিছে। ইয়াৰ অংশস্বৰূপে অসমলৈ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন কোম্পানীসমূহক আকৰ্ষণ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে অসম এৰ’স্পেচ আৰু প্ৰতিৰক্ষা উৎপাদন নীতি-২০২৫ৰ সংশোধন কৰিব। দেশৰ প্ৰতিৰক্ষা বাহিনীৰ ব্যৱহাৰৰ বাবে বছৰি প্ৰায় দুই লাখ কোটি টকাৰ বিভিন্ন সামগ্রী ক্ৰয় কৰা হয় আৰু বহু প্ৰতিৰক্ষা সামগ্রী ভাৰতৰ পৰা বিদেশলৈ ৰপ্তানি কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইমানদিনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতৰ কোনো উদ্যোগ স্থাপন হোৱা নাছিল। প্ৰথমবাৰৰ বাবে স্পীড ফৰ ডিফেঞ্চ ছিষ্টেমছ প্রাইভেট লিমিটেডে প্রতিৰক্ষা সামগ্রী উৎপাদন উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিছে। তেওঁ জাগীৰোডত প্রায় ৬ হাজাৰ বিঘা ভূমিত এখন ডিফেঞ্চ পার্ক নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিগত এটা দশকত প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ নিজস্ব ক্ষমতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে পূৰ্বতে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰা অস্ত্র-শস্ত্ৰ আৰু আন সামগ্ৰীৰ ৮০ শতাংশ ৰাছিয়াৰ পৰা আৰু বাকী ২০ শতাংশ অন্য ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হৈছিল। নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী হোৱাৰ পাছত অস্ত্র-শস্ত্র আৰু অন্যান্য সামগ্রী দেশতে নির্মাণ হ’বলৈ ধৰে। ৰঙিয়া বিধানসভা সমষ্টিলৈ ৩,৪০০ কোটি টকাৰ বিনিয়োগ আকর্ষণ কৰিবলৈ চৰকাৰ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁৰ ভাষ্য- অতি সোনকালে পানী জমা ৰখা টেংকি উৎপাদন কৰা এটা উদ্যোগ তুলসীবাৰীত স্থাপন কৰা হ’ব। এটাৰ পিছত আনটো উদ্যোগ স্থাপন হোৱাৰ ফলত কর্মসংস্থাপন সৃষ্টি হোৱাৰ সমান্তৰালভাৱে উন্নতিও হ’ব অঞ্চলটোৰ। অনুষ্ঠানত উপস্থিত থকা সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনে বৃহৎ প্ৰতিৰক্ষা উদ্যোগ স্থাপন সম্ভৱ হৈ উঠিছে। প্ৰতিৰক্ষা সামগ্রী উৎপাদনত উদ্যোগৰ জৰিয়তে অসমৰ ঔদ্যোগিক বিকাশৰ নতুন সম্ভাৱনা উন্মোচিত হোৱাৰ উপৰি জাগীৰোডৰ ডিফেঞ্চ পার্ক, ছেমিকণ্ডাক্টৰ প্ৰকল্প আদিয়ে ৰাজ্যখনক ঔদ্যোগিক মানচিত্রত প্রতিষ্ঠিত কৰাব। উল্লেখ্য যে এই সভাখনত বিধায়ক ভৱেশ কলিতা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নবদ্বীপ কলিতা, পৰিচালন সঞ্চালক মেঘনিধি দাহাল, জিলা আযুক্ত দেৱকুমাৰ মিশ্র, স্পীড ফ’ৰ ডিফেঞ্চ ছিষ্টেম প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক দেৱাংগ শ্বাহ, কোম্পানীটোৰ সহপ্রতিষ্ঠাপক আৰু উপাধ্যক্ষ বিশাল শ্বাহকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।