বিষাদৰ বন্ধু
বনজিত দাস,ৰিহাবাৰী, বজালী
দুখে মোক লগ নেৰে
ছাঁৰ দৰেই —
কিমান চকুপানী সৰিলে বাৰু
চিৰ লগৰী হ’বলৈ
আৰু কিমান দুখ সহিব লাগে ।
নীৰৱ নিশাৰ বুকুত
কিমান যে বিষাদৰ ঢৌ
হাঁহিৰ আঁৰত লুকাই থোৱা বেদনাবোৰ
মনে মনে মাথো সোধো —
দুখ তইনো কেতিয়া আপোন হ’বা
নে গোটেই জীৱন এনেকৈয়ে
মোৰ ছাঁ হৈ ৰ’বা ।
