ডিব্ৰুগড়ৰ টেঙাখাত অইলত ভয়ংকৰ বিস্ফোৰণ ::জুইত এজনৰ মৃত্যু ছয়জন গুৰুতৰ অগ্নিদগ্ধ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ টেঙাখাত উইল্টনত থকা অইল ইণ্ডিয়া লিমিটেডৰ টেংক ফার্মত (আই টি এফ) ত আজি পুৱা প্ৰায় ৯ বজাত হঠাৎ এক ভয়ংকৰ বিস্ফোৰণ হৈ জ্বলি উঠাৰ ফলত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। এই আই টি এফত অইল ইণ্ডিয়া লিমিটেডৰ স্পেকটন নামৰ এটা কোম্পানীৰ অধীনত ৯/১০ জন মান কৰ্মচাৰী কৰ্মত নিয়োজিত হৈ থকাৰ অৱস্থাত এই বিস্ফোৰণটো সংঘটিত হয় আৰু নিমিষতে অঞ্চলটো জুই শিখাৰে আৱৰি ধৰাৰ ফলত কেইবাজনো কর্মচাৰী গুৰুতৰ ভাৱে অগ্নিদগ্ধ হয়। ঘটনা সংঘটিত পিছতে দুলীয়াজান, ডিব্ৰুগড়, চাবুৱাকে ধৰি বিভিন্ন স্থানৰ পৰা অগ্নিনির্বাপক বাহিনী আহি জুই নির্বাপিত কৰিবলৈ সক্ষম হয়। ঘটনাত আহত হোৱা সকলক এম্বুলেন্সৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু অইলৰ হাস্পতাললৈ নিয়া হয় । ঘটনাৰ পিছতে ডিব্ৰুগড় জিলা আয়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক আৰু অইলৰ উচ্চপদস্থ বিষয়া সকল ঘটনাস্থলীত গৈ বুজ লয়। জিলা আয়ুক্তই সাংবাদিকক জানিবলৈ দিয়ে যে তাত নিয়োজিত হৈ থকা ৯ জন কর্মচাৰীৰ ভিতৰত ২ জন নিৰাপদে ওলাই আহিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১ জনৰ মৃত্যু হয় আৰু ৬ জন গুৰুতৰ ভাবে আঘাতপ্রাপ্ত হয়। আঘাতপ্রাপ্ত সকলক সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই ঘটনাত জানিব পৰা মতে টেঙাখাত বৰদলনি গাঁৱৰ ৰাজু দত্ত নামৰ( ৪৬ )বছৰীয়া কৰ্মচাৰী গৰাকী মৃত্যু হোৱাৰ বিপৰীতে বৰদলনি গাঁৱৰ গোলাপ দত্ত (৫৮),ডিব্রুগড় মিলন নগৰৰ টাপছ জ্যোতি গগৈ, চাবুৱাৰ ৰূপম গোঁহাই (৪৮), দীঘলীয়া গাঁৱৰ ইন্দ্ৰ গগৈ (৪১), তামুলীখাত গাঁৱৰ শৈলেন গগৈ (৪৭) আৰু দেওবিল দীঘলীয়া গাঁৱৰ কুমুদ গগৈ (৪০) গুৰুতৰ ভাৱে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হয়। ঘটনাত দীঘলীয়া গাৱঁৰ ফণিত গগৈ (৩৬) আৰু ভাজনী গাঁৱৰ পঞ্চানন চাংমাই ঘটনাটো সংঘটিত হোৱাৰ সময়ত আছিল যদিও কোনো ধৰণৰ আঘাত নোপোৱাকৈ নিৰাপদে ওলাই আহিবলৈ সক্ষম হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে অগনন ৰাইজ আই টি এফৰ সন্মুখত আহি ভিৰ কৰে আৰু বিভিন্ন জনৰ লগতে আটচা, আটাছু, বীৰ লাচিত সেনা, আছু, এজেৱাইচিপি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আদি বিভিন্ন সংগঠনৰ প্ৰতিনিধি দলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ভুক্তভোগী সকলক শীঘ্ৰে উপযুক্ত ক্ষতি পূৰণ দিবৰ বাবে অইলৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।
