ঠিকাভিত্তিক শিক্ষকৰে শীঘ্ৰেই হ’ব আলোচনা: শিক্ষামন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- টেট উত্তীর্ণ শিক্ষক সমাজে অহা ১৬ নৱেম্বৰত প্রাথমিক শিক্ষা সঞ্চালকালয় ঘেৰাও কৰাৰ কাৰ্যসূচী ঘোষণা কৰাৰ পাছত তেওঁলোকৰ সমস্যা সমাধা কৰাৰ উদ্দেশ্যৰে আলোচনাত বহাৰ কথা ঘোষণা কৰিছে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে ১২দফীয়া দাবীৰে শেহতীয়াকৈ ৰাজপথত নমা প্রাথমিক টেট শিক্ষসকলে অহা ১৬ নৱেম্বৰত সমগ্ৰ শিক্ষাৰ ৰাজ্যিক কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰেৰে পুনৰ আন্দোলনমুখী হোৱাৰ ঘোষণা কৰাৰ পাছতেই টেট শিক্ষক সমাজক আলোচনালৈ মতাৰ কথা উল্লেখ কৰিলে শিক্ষামন্ত্রী ডাঃ পেগুৱে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি শিক্ষকসকলৰ ১২দফীয়া দাবী আলোচনা কৰাৰ বাবে অতি সোনকালে আলোচনাত বহিব শিক্ষা বিভাগ। উল্লেখ্য যে উত্তৰ-পূব অঞ্চলৰ প্ৰধানমন্ত্ৰী উন্নয়ন পদক্ষেপ (পিএম ডিভাইন)ৰ অধীনত ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ক ১০০ কোটি টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যতঃ আন্তঃগাঁথনি উন্নয়ন আৰু মানসম্পন্ন উচ্চ শিক্ষাৰ পৰিকাঠামো তৈয়াৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এই পিএম ডিভাইন আঁচনিখন চলিত বৰ্ষৰ পৰাই কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এই উদ্দেশ্যে শনিবাৰে জনতা ভৱনত শিক্ষামন্ত্রী ডাঃ পেগুৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ ১২খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ লগতে উচ্চ শিক্ষা আৰু লোকনির্মাণ বিভাগৰ আৰু অভিযন্তাসকলৰ সৈতে আঁচনিখনক লৈ বিস্তৃত আলোচনা চলে। বৈঠক সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- প্রায় ১৮শ কোটি টকা বাজেটৰ এই আঁচনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত বিশ্ববিদ্যালয়সমূহৰ ভূমি আবণ্টনৰ বিষয়টোত গুৰুত্ব দিয়া হয়। মূলতঃ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে কাৰ্যকৰী কৰিব লগা এই আঁচনিখন চলিত বর্ষতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়িব চৰকাৰ। আনহাতে সমগ্র শিক্ষা অসমৰ দ্বাৰা জাৰি কৰা চৰকাৰী জাননী অনুসৰি শিক্ষা সেতু এপটোৰ সেৱাসমূহ শনিবাৰে সন্ধিয়াৰ পৰা ১১ নৱেম্বৰলৈ সাময়িকভাবে বন্ধ থাকিব। নতুন ছাৰ্ভাৰলৈ ডাটা মাইগ্রেশ্যন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ কামৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই সময়ছোৱাত বিদ্যালয়, শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ দ্বাৰা ব্যৱহৃত উপস্থিতি পঞ্জীয়ন তথা অন্যান্য কার্যকলাপসমূহ বন্ধ থাকিব। অহা ১২ নৱেম্বৰৰ পৰা এই এপটোৰ স্বাভাৱিক সেৱাসমূহ পুনৰ আৰম্ভ হ’ব।
