টেঙাখাতৰ তৈলভাণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ টেঙাখাটস্থিত অ’চিএছৰ ভিতৰত থকা ইণ্টাৰমেডিয়েট টেংক ফার্ম (আইটিএফ) গেছ পাইপত শুকুৰবাৰে সংঘটিত ভয়ংকৰ বিস্ফোৰণ তথা অগ্নিকাণ্ডৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে । প্রাপ্ত খবৰ অনুসৰি অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত আস্থা নামৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ থকা মিলন নগৰৰ বাসিন্দা তাপসজ্যোতি গগৈৰ শনিবাৰে পুৱতি নিশা ৩ বাজি ৩০ মিনিটত চিকিৎসালয়তে মৃত্যু হয়। চিকিৎসকৰ ৰিপ’ৰ্ট অনুসৰি তেওঁৰ শৰীৰৰ সত্তৰ শতাংশই অগ্নিদগ্ধ হৈছিল। আনহাতে গুৱাহাটীৰ নেমকেয়াৰত চিকিৎসাধীন হৈ থকা চাবুৱাৰ এম ই এছ তিনিআলিৰ ভৰলুৱা গাঁৱৰ ৰূপম গোহাঁই শৰীৰৰ ৫৬ শতাংশ অগ্নিদগ্ধ হৈ শনিবাৰে পুৱা দহ বজাত শোকাৱহ মৃত্যক সাবটি লয়। ইফালে ডিব্ৰুগড় মেডিকেলৰ পৰা এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ অইলে স্থানান্তৰ কৰা আটাইকেইজন কৰ্মচাৰীৰ অৱস্থাও এইপর্যন্ত সংকটমুক্ত নহয় বুলি বিশেষ সূত্রে জানিব পৰা গৈছে। বিভাগীয় চিকিৎসকৰ তথ্য অনুসৰি এই ট্রেজিক ঘটনাত দেউবিল দীঘলীয়া গাঁৱৰ কুমুদ গগৈ আৰু তামুলীখাট গাঁৱৰ শৈলেন গগৈৰ ৮০ শতাংশ শৰীৰ অগ্নিদগ্ধ, বৰদলনি গাঁৱৰ গোলাপ দত্ত ৬৫ শতাংশ আৰু দীঘলীয়া গাঁৱৰ ইন্দ্ৰজিৎ গগৈৰ ২৫ শতাংশ শৰীৰ অগ্নিদগ্ধ হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ঠিকাদাৰী প্ৰতিষ্ঠান স্পেকট্রন ইঞ্জিনীয়াছ প্রাইভেট লিমিটেডৰ কৰ্মচাৰী ৰূপে নিয়োজিত হৈ থকা তাপসজ্যোতি গগৈয়ে দহ বছৰীয়া একমাত্র কন্যা সন্তানসহ পৰিবাৰ আৰু পিতৃ-মাতৃক এই সংসাৰত এৰি গৈছে। আনহাতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ৰূপম গোহাঁয়েও বাৰ বছৰীয়া কন্যা সন্তানসহ পৰিবাৰ আৰু বৃদ্ধ পিতৃক এৰি গৈছে। দুয়োখন ঘৰতে এতিয়া আত্মীয়, বৰ্গৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। অইল ইণ্ডিয়া তৰফৰ পৰা এটা বিভাগীয় দল দুয়োটা পৰিয়ালৰ গৃহত উপস্থিত হৈ সহৃদয়তা প্রকাশ কৰে। ইতিমধ্যে সমগ্র ঘটনাৱলী সঠিক ৰূপত তদন্ত কৰিবৰ বাবে অইল ইণ্ডিয়াই প্রশাসনৰ উপস্থিতিত এখন উচ্চস্তৰীয় আভ্যন্তৰীণ তদন্ত কমিটী গঠন কৰি দিছে। এই উচ্চস্তৰীয় দলটোৱে অগ্নিকাণ্ডৰ সময়ত টেঙাখাট আই টি এফৰ সামগ্রিক কাম-কাজৰ দায়িত্বত থকা বিভিন্ন বিভাগৰ চাৰিজনকৈ অইল কৰ্মচাৰীক আজিৰে পৰা বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি অইলৰ জনসম্পর্ক বিভাগে জানিবলৈ দিছে। ইয়াৰ লগতে টেঙাখাটৰ তৈল ভাণ্ডাৰত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত নিহত লোকৰ পৰিয়াললৈ এককালীন দহলাখ টকা আৰু আহত পৰিয়ালক এককালীন পাঁচ লাখ টকা প্ৰদানৰ আজি ঘোষণা কৰিছে অইল ইণ্ডিয়াই। ইফালে এই বিস্ফোৰণৰ পিছতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ব্যক্তিগতভাৱে সকলো দিশ পৰ্যবেক্ষণ কৰি থকা বুলিও অইলৰ সূত্রই জানিবলৈ দিছে। ইফালে টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ তৈলভাণ্ডাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত আহত ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ আস্থা হাস্পতালত উপস্থিত হয় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসক তথা সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে কথা পাতি সৰ্বানন্দ সোণোৱালে আহতসকলৰ চিকিৎসাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰে। আহতসকলৰ উন্নত চিকিৎসা আৰু প্রয়োজনীয় সকলো সহায়-সহযোগিতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষক যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় সর্বানন্দ সোণোৱালে।
