ডিব্ৰুগড়ৰ টেঙাখাটত অইলত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি ::কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক -তদন্ত আৰু ক্ষতিপূৰণ দিবলৈ দাবী
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ টেঙাখাটত অইল ইণ্ডিয়া উদ্যোগিক প্ৰতিষ্ঠানত সংঘটিত ভয়াৱহ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাই অধিক শোকাৱহ ৰূপ ধাৰণ কৰিছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ থকা আন দুজন কৰ্মচাৰীৰ মৃত্যু ঘটাত এই ঘটনাত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে। শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ডিব্ৰুগড় মিলন নগৰৰ বাসিন্দা তথা স্পেকট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ অভিযন্তা তাপসজ্যোতি গগৈয়ে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত পত্নীৰ সতে এগৰাকী জীয়াৰী আৰু পিতৃ-মাতৃৰ লগতেই অনেক আত্মীয় স্বজনক আৰু শুভাকাংক্ষীক এৰি থৈ যায়।উল্লেখ্য যে, ইয়াৰ পূৰ্বে অগ্নিকাণ্ডৰ সময়ত কৰ্মৰত অৱস্থাত থকা টেঙাখাটৰ বৰদলনিৰ বাসিন্দা তথা টেকনিকেল ছুপাৰভাইজাৰ ৰাজু দত্তৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আনহাতে, এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা শৈলেন গগৈ, কুমুদ গগৈ, গোলাপ দত্ত আৰু ইন্দ্ৰ গগৈ বৰ্তমান ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন আটাইকেইজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, ৰূপম গোহাঁই দুলীয়াজানৰ অইল হাস্পতালত চিকিৎসাধীন হৈ থকা চাবুৱাৰ ৰূপম গোহাঁই আজি মৃত্যু হয়।উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ পাছতে আহত কৰ্মচাৰীসকলক প্ৰথমে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ প্ৰয়োজনত কেইবাগৰাকীও আহতক অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ব্যক্তিগত আস্থা হাস্পতাললৈ স্থানান্তৰ কৰা হয়। স্মৰ্তব্য যে, টেঙাখাট অ’ চি এছৰ সমীপৱৰ্তী অইলৰ আই টি এফত কালি পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছিল এই ভয়াৱহ বিস্ফোৰণ আৰু অগ্নিকাণ্ড। সেই সময়ত অইলৰ বিভিন্ন অ’ চি এছৰ পৰা আই টি এফলৈ অহা খাৰুৱা তেল আৰু গেছ পৰিবাহী পাইপৰ ভাল্ভৰ সৈতে জড়িত কাম চলি আছিল। তেনে অৱস্থাতে হঠাৎ সংঘটিত হোৱা প্ৰচণ্ড বিস্ফোৰণৰ পাছতে মুহূৰ্তৰ ভিতৰতে সমগ্ৰ টেঙাখাটত থকা ব্ৰইলাৰ এলেকাটো জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। এই ঘটনাত কৰ্মস্থলীতে গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লৈছিল টেকনিকেল ছুপাৰভাইজাৰ ৰাজু দত্তই।উল্লেখযোগ্য যে, টেঙাখাটৰ এই আই টি এফত খাৰুৱা তেলৰ পৰা পানী আৰু অন্যান্য অশুদ্ধি পৃথক কৰি ডিহাইড্ৰেচন প্ৰক্ৰিয়াৰে তেল প্ৰস্তুত কৰি অইল ইণ্ডিয়া লিমিটেডক যোগান ধৰা হয়। সেয়েহে প্ৰতিষ্ঠানটো অইলৰ উৎপাদন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত।ইফালে, অগ্নিকাণ্ডৰ ঘটনাই পুনৰ এবাৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰ আৰু উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। তৈলক্ষেত্ৰসমূহত বাৰে বাৰে সংঘটিত হৈ অহা অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ ঘটনাই কৰ্মচাৰীসকলৰ জীৱনৰ নিৰাপত্তাৰ লগতে সমীপৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ সুৰক্ষাক লৈও গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।খাৰুৱা তেল আৰু গেছ পৰিবাহী পাইপৰ ভাল্ভৰ কাম চলি থকা অৱস্থাত কেনেদৰে এনে প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হ’ল? কাম আৰম্ভ কৰাৰ পূৰ্বে গেছ আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিলনে? কৰ্মচাৰীসকলক পৰ্যাপ্ত সুৰক্ষা সঁজুলি প্ৰদান কৰা হৈছিলনে? উদ্যোগিক সুৰক্ষাৰ নিৰ্ধাৰিত নীতি-নিয়মসমূহ যথাযথভাৱে পালন কৰা হৈছিলনে? এনে বহু প্ৰশ্নই এতিয়া সচেতন মহলৰ মাজত চৰ্চা লাভ কৰিছে।ইতিমধ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে কেৱল তদন্ততে সীমাবদ্ধ নাথাকি নিৰপেক্ষ তদন্তৰ জৰিয়তে বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ লগতে কোনো পৰ্যায়ত সুৰক্ষাজনিত গাফিলতি প্ৰমাণিত হ’লে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। তিনি গৰাকীকৈ কৰ্মচাৰীৰ মৃত্যুৰ লগতে আন কেইবাগৰাকীও কৰ্মচাৰীৰ জীৱনলৈ নমাই অনা এই বিপৰ্যয়ে অইলৰ উদ্যোগিক সুৰক্ষা ব্যৱস্থাৰ প্ৰতি পুনৰ এবাৰ গভীৰ প্ৰশ্নবোধক চিহ্ন ৰাখি গ’ল। এই ঘটনাত দুখ প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। তেখেতে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে অইল ইণ্ডিয়াৰ উৰ্ধতম কৰ্তৃপক্ষক নিহত হোৱা সকলক উপযুক্ত ক্ষতিপূৰণ আৰু আহত হোৱা সকলক উন্নত চিকিৎসা প্ৰদানৰ কথা কোৱা হৈছে।
