ডিব্ৰুগড় লেখিকা সমাৰোহ সমিতিৰ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা সোঁৱৰণী দিৱসত ‘বঁটা বিতৰণ আৰু গ্ৰন্থ উন্মোচন’
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিব্ৰুগড় শাখাই চৌকিডিঙ্গীৰ নিজা কাৰ্যালয়ত ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী দিৱস ৫ নবেম্বৰত পালন কৰাৰ লগতে সমাজসেৱী ‘লিলি শইকীয়া সোঁৱৰণি’ গল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণ আৰু সদস্যা ক্ষীৰদা দেৱীৰ দুখন গ্ৰন্থ উন্মোচন সম্পন্ন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে সামূহিক প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। শাখাৰ সদস্যা সকলে এটি ভূপেন্দ্ৰ সংগীত আৰু শাখাৰ যুটীয়া সম্পাদিকা ইৰাণী বৰপূজাৰী ৰচিত এটি সমবেত সংগীত পৰিবেশন কৰে মৌচুমী বৰ্মণ , কানন বৰুৱা দিপ্তী বৰঠাকুৰ, তুলসী দত্ত ,মীনা বৰুৱা, স্বৰ্ণালিম শইকীয়াই ।সভানেত্ৰী সুদক্ষিণা দাসৰ পৰিচালনাত আৰম্ভ হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মানসী বৰুৱাই। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কেন্দ্ৰীয় তথা শাখাৰ উপদেষ্টা ড০ ভাৰতী দত্তই তেখেতৰ চিন্তাশীল ভাষণত বৰেণ্য শিল্পী গৰাকীৰ জীৱন আৰু কৃতিৰ সকলো দিশৰ চমু পৰ্যালোচনা কৰি কয় যে নিষ্পেষিত জনগণৰ শোষণ,মুক্তি কামনাৰে সুধাকন্ঠ আছিল সমাজৰ ৰূপান্তৰ কামী মহান শিল্পী। আদৰণি ভাষণত সভানেত্ৰীয়ে বৰেণ্য শিল্পী গৰাকীয়ে ৰচনা কৰা এটি কথা-কবিতা পাঠ কৰি চমু একাষাৰে উপস্থিত সুধী বৃন্দক আদৰণি জনায়। শাখাৰ উপদেষ্টা, সাহিত্যিক পেঞ্চনাৰ জ্যোতি বৰগোহাঁয়ে তেখেতৰ ভাষণত শিল্পী গৰাকীয়ে শৈশৱতে উচ্চ ভাৱ সম্পন্ন গীত ৰচনা আৰু পৰিবেশনৰ কথা উল্লেখ কৰি কয় যে তেখেতৰ গীত আৰু ৰচনা সমূহত মানৱ জীৱনৰ সকলো ৰস সোমাই আছে । কেন্দ্ৰীয় উপ-সভানেত্ৰী ৰেণু ফুকনে ভাষণত শিল্পী গৰাকীৰ জীৱন সংঘাতৰ কথা উল্লেখ কৰাৰ লগতে কয় যে সুধাকণ্ঠৰ গীত আৰু অন্যান্য সৃষ্টিৰাজি পাহাৰ ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ সাঁকো স্বৰূপ । কাৰ্যকৰী সভানেত্ৰী ড০ ফৰিদা আহমেদে ড০ হাজৰিকাৰ গৰাকীৰ বিশাল ভাৱনা-চিন্তাৰ কথা বক্তব্যত উপস্থাপন কৰি শিল্পী গৰাকীৰ গীতি সাহিত্যৰ উপযুক্ত মৰ্যাদা দিয়াত বিলম্ব হোৱাত আক্ষেপ প্ৰকাশ কৰে। ভাষণ সমূহৰ মাজত সুধাকন্ঠৰ গীত পৰিৱেশন কৰে ক্ৰমে অৰুণিমা তালুকদাৰ, মঞ্জু আগমাচাৰ্য্য আৰু ক্ষীৰদা দেৱীয়ে। সভাত উপ-সভানেত্ৰী ড০ দীপাঞ্জনা দত্ত দাসৰ তত্বাবধানত “সমাজসেৱী লিলি শইকীয়া সোঁৱৰণী গল্প প্ৰতিযোগিতা”ৰ মূল ব্যক্তি গৰাকীৰ চমু পৰিচয় দাঙি ধৰি পুৰস্কাৰৰ আৰ্থিক সহযোগিতাৰ বাবে পৰমাৰ্থ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ পাছতে স্থানৰ ক্ৰমানুসাৰে বিজয়ী মঞ্জু উপাধ্যায় , শিখা মণি গগৈ ,সৰোজ কোঁৱৰ আৰু অনুৰূপা ৰাজখোৱাক গামোচাৰে আদৰণি জনাই নগদ ধনৰাশি, একোটা স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰি পুৰস্কাৰ আগবঢ়ায় উপদেষ্টা ড০ গুণলতা বৰুৱা, ড০ শেৱালি বৰবৰা ,আৰতি বৰা আৰু গন্ধেশ্বৰ শইকীয়াই। গ্ৰন্থ উন্মোচনী পৰ্যায়ত সদস্যা ক্ষীৰদা দেৱীৰ গল্প সংকলন উদ্বোধন কৰে ৰাষ্ট্ৰপতি বঁটা প্ৰাপক কৃতি শিক্ষক তথা সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়াই । ক্ষীৰদা দেৱীক অভিনন্দন জ্ঞাপন কৰি গভীৰ ভাৱৰ ভাষণ প্ৰদান কৰি তেখেতে লেখিকা গৰাকীৰ দুৰূহ সময়তো সাহিত্য সাধনাৰ প্ৰশংসা কৰি কয় যে আজিৰ দিনত প্ৰায় বোৰ ক্ষেত্ৰত লেখক-লেখিকাই প্ৰকাশকৰ ভূমিকাও পালন কৰা দেখা যায়। লেখিকাৰ দ্বিতীয় গ্ৰন্থ কাব্য সংকলন উন্মোচন কৰে ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ প্ৰাতসলতা বুঢ়াগোহাঁইয়ে । তেখেতে ক্ষীৰদা দেৱীৰ পৰিচয় দাঙি ধৰে। সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক মানস জ্যোতি দত্তই মনোজ্ঞ ভাষণ প্ৰদান কৰি অসমৰ সংবাদ জগতত ড০ ভূপেন হাজৰিকাৰ অমূল্য অৱদানৰ কথা বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে এই সমিতিৰ দৰে অনুষ্ঠান সমূহে সামাজিক মাধ্যমৰ যোগে নিজৰ কাৰ্যাৱলী বৃহৎ মঞ্চত উপস্থাপন কৰি কাললৈ থৈ যোৱাৰ বাবে সুপৰামৰ্শ আগবঢ়ায়। গ্ৰন্থকাৰে তেখেতৰ জীৱন আৰু লেখা সম্পৰ্কে অনুভৱ চমুকৈ প্ৰকাশ কৰে। শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে শাখাৰ মুখ্য উপদেষ্টা ড০ গুণলতা বৰুৱা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডঃ চন্দনা গোস্বামীয়ে। শলাগৰ শৰাই আগবঢ়ায় শাখাৰ যুটীয়া সম্পাদিকা কানন বৰুৱাই।
